গৌৰীপুৰৰ ডুমৰদহ তৃতীয় খণ্ড গাওঁত মানসিক হাৰাশাস্তিৰ বলি হৈ চৰম সিদ্ধান্ত বিবাহিত যুৱকৰ।
গৌৰীপুৰৰ ডুমৰদহ তৃতীয় খণ্ড গাওঁত মানসিক হাৰাশাস্তিৰ বলি হৈ চৰম সিদ্ধান্ত বিবাহিত যুৱকৰ।
মৃতদেহ লৈ চোতালত প্ৰতিবাদ উত্তেজিত গঞা ৰাইজৰ।
ঘৰৰ চোতালতে মৃতদেহ সমাধিস্থ কৰাৰ যো-জা কৰি থকাৰ সময়তেই উপস্থিত আৰক্ষী।
ধুবুৰী জিলাৰ গৌৰীপুৰৰ ডুমৰদহ তৃতীয় খণ্ড গাওঁৰ হৰেকৃষ্ণ ৰায়ৰ পুত্ৰ মুনু ৰায় নামৰ ২৪ বছৰীয়া যুৱকজনে গ্ৰহন কৰে চৰম সিদ্ধান্ত।
মানসিক হাৰাশাস্তিৰ বলি হৈ ভয়ংকৰ কাণ্ড কৰাৰ অভিযোগ। এই ঘটনাক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি । ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত চিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত আছিল মুনু ৰায় নামৰ যুৱক জন।