লংকাৰ ফৰেষ্ট গেইটৰ সমিপৰ দুখন বিপনীত নিশা চুৰৰ লুটপাট।
লংকাৰ ফৰেষ্ট গেইটৰ সমিপৰ দুখন বিপনীত নিশা চুৰৰ লুটপাট। চুৰে এখন বাঁহৰ বেৰ বনোৱা বিপনীৰ লগতে আনখন উৱেলদিংৰ বিপনীত চুৰে চলাই লুটপাত। চুৰে উৱেলদিং বিপনীখনৰ পৰা নগদ ধন ১৫ হাজাৰ টকা সহ উৱেলদিংৰ কামত ব্যৱহৃত মেচিন, কাটাৰ সহ ওৱাৰ লৈ সৰ্বমুঠ ডেৰলাখ টকাৰ সা-সম্পত্তি লৈ উধাও হয় চুৰ। চুৰে বাঁহৰ বিপনীখনৰ স্বতাধিকাৰী আহমদ আলী আৰু উৱেলদিং বিপনীখনৰ স্বতাধিকাৰী ভূপেন বৰাই জানিবলৈ দিয়ে এই কথা। আজি দেৰিকৈ বিপনী খোলাতহে পোহৰলৈ আহে এই ঘটনা। ইতিমধ্যেই দুয়ো স্বতাধিকাৰীয়ে লংকা আৰক্ষী থানাত এজাহাৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।