জেলত যাব লাগিব নেকি হোজাই আমছু নেতা মনুৱাৰ হুছেইন
জেলত যাব লাগিব নেকি হোজাই আমছু নেতা মনুৱাৰ হুছেইন মান হানি গোচৰ ৰজু হৈছে আমছু নেতা মনোৱাৰ হুছেইনৰ বিৰুদ্ধে। হোজাই কনক লতা বৰুৱা ষ্টেডিয়ামত ছোৱালী ক্ৰিকেট টুৰ্ণামেন্ট খেলৰ শুভাৰম্ভণিত ৰাষ্ট্ৰীয় সঙ্গীত পৰিবেশন বাধা প্ৰদান কৰিছিল আমছু নেতা মনুৱাৰ হুছেইনে। হোজাই ক্ৰীড়া সন্থাৰ সভাপতি শীলাদিত্য দেৱ সহ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ ( আমছুৰ কেন্দ্ৰীয় সভাপতি ইকবাল হুছেইনক অশ্লীল ভাষাৰে গালি গলাজ কৰাত সন্মানৰ ব্যাঘাত জন্মিছে দুই গৰাকিকৈ নেতাৰ। আৰু এই অভিযোগত এতিয়া মান হানী গোচৰৰ অভিযুক্ত হৈছে হোজাইৰ আমছু নেতা মনুৱাৰ হুছেইন অৰফে বকুল। ইতি মধ্যে কেন্দ্ৰীয় ছাত্ৰ নেতা ইকবাল হুছেইনে হোজাই ক্ৰিড়া সন্থাৰ সভাপতি ,হোজাই জিলা আয়ুক্ত, আৰু জিলা আৰক্ষী অধীক্ষক সহ অসম আৰক্ষী সঞ্চালক প্ৰধানলৈ উক্ত বিষয় সন্দৰ্ভত একোখনকৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে।