বন বিভাগে বনোৱা নাৰ্চাৰীত এতিয়া ৰক্ষকে হৈ পৰিছে ভক্ষক

0

বন বিভাগে বনোৱা নাৰ্চাৰীত এতিয়া ৰক্ষকে হৈ পৰিছে ভক্ষক নাৰ্চাৰীৰ ভিতৰত থকা ঝাড়ু বনোৱাৰ সামগ্ৰী আনিবলৈ গ’লে নাৰ্চাৰীৰ চকিদাৰ নায়েবালীক দিব লাগে ধন

ধন নিদিলে সামগ্ৰী আনিবলৈ যোৱা মহিলাৰ ওপৰত দানব পৰা দি পৰে নায়েবালীয়ে

টকা নিদিয়াৰ বাবে বন বিভাগৰ নাৰ্চাৰীৰ চকিদাৰৰ আক্ৰমণৰ বলি হ’ল এগৰাকী বিবাহিত মহিলা

ঘৰৰ ঝাড়ু বনোৱাৰ সামগ্ৰী আনিবলৈ যোৱা মহিলাৰ ওপৰত আক্ৰমণ নাৰ্চাৰীৰ চকিদাৰ নায়েবালীৰ

আনফালে ছমেত আলী নামৰ ব্যক্তি জনক টকা দিলে বন বিভাগৰ মাটিত গৃহ নিৰ্মাণ কৰিব পাৰে কিন্তু টকা নিদিলে গৃহ নিৰ্মাণ কৰিব নোৱাৰে

এইবোৰ অভিযোগ আমাৰ নহয়,এই অভিযোগ স্থানীয় মহিলাৰ লগতে ভুক্তভোগী মহিলা গৰাকীৰ

এইবোৰ অভিযোগ লৈ গাঁৱৰ মহিলাসকলে নায়েবালী আৰু ছমেত আলীৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত আৰু বহলপুৰ বন বিভাগৰ অধীনস্থ ছাগলখুটি গাঁৱৰ জান্নাতী খাতুন নামৰ বোৱাৰী গৰাকীয়ে কাষতে থকা নাৰ্চাৰীৰ পৰা ঝাড়ু বনোৱাৰ সামগ্ৰী আনিবলৈ যায় যদিও নাৰ্চাৰী চোৱা চিতাৰ বাবে থকা নয়েবালীক ধন নিদিয়া কৈ ঘৰত আহিবলৈ লওতে নায়েবালীয়ে হাতত দা লৈ ঘৰলৈ খেদি আহি ঘৰৰ ভিতৰত সোমাই বোৱাৰী গৰাকীক শাৰিৰীক ভাৱে অপদস্ত কৰাৰ অভিযোগ উত্থাপন কৰে বোৱাৰী গৰাকীয়ে। বোৱাৰী গৰাকীৰ চিঞৰ শুনি স্বামী গৰাকীয়ে উপস্থিত হৈ নায়েবালীৰ লগত তৰ্ক বিতৰ্কৰ লগতে দুয়ো মাৰপিটত লিপ্ত হয়।পিছত চতুৰ নায়েবালীয়ে ততাতৈয়াকৈ আহি ওলোটাই ভুক্তভোগীৰ ওপৰত এজাহাৰ দাখিল কৰে। উল্লেখ্য যে নাৰ্চাৰী খন চোৱা চিতাৰ বাবে নায়েবালী নামৰ ব্যক্তি জনক নিয়োগ কৰে বন বিভাগে কিন্তু নাৰ্চাৰীৰ ভিতৰত থকা ঝাড়ু বনোৱাৰ সামগ্ৰী গাওঁ খনৰ মহিলা সকলে আনিবলৈ গ’লে নায়েবালীক ধন দিব লাগে বুলি অভিযোগ উত্থাপন কৰে গাঁৱৰ মহিলা সকলে। আনফালে সেইদিনাৰ পৰাই মহিলা গৰাকীৰ স্বামী আৰু ভায়েকৰ কোনো খা খবৰ নাই তাকে লৈ এতিয়া কান্দোনত ভাঙি পৰিছে জন্মদাতা মাতৃয়ে।

Leave A Reply

Your email address will not be published.