গৌৰীপুৰ গদাধৰ নদীত নাওদূৰ্ঘটনাত সন্ধানহীন পিতা পুত্ৰ ।
গৌৰীপুৰ গদাধৰ নদীত নাওদূৰ্ঘটনাত সন্ধানহীন পিতা —পুত্ৰ । ধুবুৰী জিলাৰ গৌৰীপুৰ গদাধৰ নৈত এই দৃৰ্ঘটনা সংঘটিত হয় ৷ সময় তেতিয়া অনুমানিক ৰাতি ৯ টা বাজিছিল, শ্বাবিনুৰ ৰহমান নামৰ যুৱক জনক দেউতাই নদীপাৰ কৰাৰ বাবে টুলুঙা নাওঁৰে যাত্ৰা কৰিছিল। নদীৰে পিতা— পুত্ৰই আহি থকা অৱস্থাত হঠাৎ মাজ নদীত নাওখন ডুবি যাই নিখোজ হৈ পৰে পিতা আৰু পুত্ৰ। ঘটনা স্থলীত সৃষ্টি হয় এক আতংকময় পৰিৱেশ। লগে— লগে স্থানীয় ৰাইজে পিতা —পুত্ৰৰ সন্ধান বিচাৰি বেৰজালৰে অভিযান চলায় যদিও কোনো সন্ধান উলিওৱাব পৰা নাই। পিছে ঘটনা স্থলীত গৌৰীপুৰ আৰক্ষী উপস্থিত হোৱাৰ পিছতে উপস্থিত হয় SDRF বাহিনীয়ে । SDRF বাহিনীয়ে গোটেই ৰাতি অভিযান চলাই পুৱাই উল্লাবস নামৰ ব্যক্তিৰ জনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু শ্বাবিনুৰ ৰহমান নামৰ যুৱক জনৰ এতিয়াও সন্ধানীন হৈ আছে। মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। লগতে শ্বাবিনুৰ ৰহমানক বিচাৰি SDRF বাহিনীয়ে অব্যাহতি ৰাখিছে অভিযান ।