ডিগবৈ চহৰৰ বহু অঞ্চলত কৃত্ৰিম বানপানী
ডিগবৈ চহৰৰ লাচিত নগৰ, আনন্দ পাৰা, যশোদা ৰোড, নেপালী বিষ্ণু মন্দিৰ আদি নগৰ অঞ্চলত কৃত্ৰিম বানপানী।
পুৱা এজাক বৰষুণতে কিছু অঞ্চলত বহু লোকৰ ঘৰৰ ভিতৰত সোমালে পানী।
ঘৰৰ ভিতৰত আৱদ্ধ লোক ।
ঘৰৰ ভিতৰত একাঠু পানী ।
পানীৰ সোতত ঘৰৰ ভিতৰত সোমাই গৈছে চহৰৰ গেলা জাৱৰ জোঠৰ ।
যোৱা কিছুদিন পূৰ্বে কৃত্ৰিম বানপানীৰ কবলত পৰিছিল অঞ্চলটো ।
দুদিন ৰদ দিয়াত অঞ্চলটোৰ ৰাইজে সকাহ পাইছিল যদিও আজি পুৱাৰ এজাক বৰষুণত পুনৰ কৃত্ৰিম বানপানীৰ কবলত পৰে অঞ্চলটো ।
পৌৰ সভা অন্তৰ্গত নলা সমুহ পৌৰ সভাই ঠেক কৰি দিয়াত এই সমস্যাৰ সৃষ্টি হোৱাৰ অভিযোগ স্থানীয় লোকৰ ।