ডিফুত পিজিআৰ আৰু ভিজিআৰ ভূমি বেদখলমুক্ত কৰা প্ৰসংগত পূৱ কাৰ্বি আংলং

0

কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ দ্বাৰা পিজিআৰ- ভিজিআৰ এলেকাত বেদখলমুক্ত কৰাৰ প্ৰক্ৰিয়াত ব্যাঘাত সৃষ্টি কৰিবলৈ কিছু দল-সংগঠন উঠি পৰি লাগিছে। কাৰ্বি আংলঙত পিজিআৰ-ভিজিআৰ এলেকাত অতীজৰ পৰাই বেদখল হৈ আহিছে। এদিন-দুদিনতে এই সমস্যা সমাধান কৰা সম্ভৱ নহয়। তদুপৰি আৰক্ষী তথা নিৰাপত্তা বাহিনী মোতায়েন কৰাৰ ক্ষমতা স্বায়ত্ত্ পৰিষদৰ নহয় ৰাজ্য চৰকাৰৰ হাতত আছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি উক্ত ভূমি দখলমুক্ত কৰাৰ বাবে কাৰ্বি আংলং পৰিষদৰ CEM য়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ চলিত বৰ্ষৰ ২০ ফেব্ৰুৱাৰীত আয়োজন কৰা সৰ্বদলীয় বৈঠকত বিষয়টো বিতংভাৱে আলোচনা কৰাৰ লগতে জিলাখনৰ আগশাৰীৰ দল-সংগঠনৰ মতামত গ্ৰহণ কৰিছিল। ইতিমধ্যে জিলাখনৰ পিজিআৰ ভিজিআৰ এলেকা সমূহ পৰ্যবেক্ষণ কৰাৰ বাবে উচ্চস্তৰীয় সমিতি গঠন কৰা হৈছে। ৰাজনৈতিক মুনাফা আদায় কৰাৰ স্বাৰ্থত জিলাখনৰ কিছু দল-সংগঠনে পাহাৰীয়া জিলাৰ সহজ-সৰল ৰাইজৰ মাজত বিভাজন সৃষ্টিৰ চেষ্টা চলোৱা বুলি পূৱ কাৰ্বি আংলং জিলা বিজেপি’ৰ নেতৃবৰ্গই মন্তব্য কৰে। লগতে জিলাখনৰ সকলো সমস্যা সমাধানৰ ক্ষেত্ৰত একত্ৰিত হৈ সকলোকে সহযোগ কৰিবলৈ আহ্বান জনায়।

Leave A Reply

Your email address will not be published.