ডিগবৈ দুলীয়াজানৰ সংযোগী পথত পুখুৰী সদৃশ গাত।

0

ডিগবৈ দুলীয়াজানৰ সংযোগী পথত পুখুৰী সদৃশ গাত।

কানসাৰ নাই বিধায়ক, অইল , আই অ চি ৰো নাই গুৰুত্ব: আছুৰ ক্ষোভ।

ডিগবৈ শোধনাগাৰৰ গাতে লাগি থকা ডিগবৈ দুলীয়াজান সংযোগ পথটোৰ ডিগবৈ পৌৰ সভা এলেকাধীন অংশত প্ৰকাণ্ড প্ৰকাণ্ড গাতে সাধাৰন লোকক জলাকলা খোৱাই আহিছে । পথটোৰ উক্ত অংশত বছৰৰ বাৰটা মাহেই গাত থাকে । কিন্তু এই পথটোৰে ডিগবৈ কলেজৰ লগতে কেইবাখনো স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে অহাযোৱা কৰে । তদুপৰি পথটোৰ গাতবোৰ ইমানেই ডাঙৰ হৈ গৈছে যে ই- ৰিক্সা চলাচল কৰিব নোৱৰা অৱস্থা সৃষ্টি হৈছে । বিধায়ক সুৰেন ফুকনৰ চকু নপৰে পথটোৰ দুৰৱস্থাৰ দৃশ্য নপৰাত আছুৰ ক্ষোভ। ইপিনে পথটোৰে দৈনিক অইল ৰ লগতে ডিগবৈ শোধনাগাৰৰ যানবাহন সৰ্বাধিক চলাচল কৰে। গতিকে বিধায়ক সুৰেন ফুকন, আই অ চি আৰু অইলৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে আছু নেতা নিখিল কোচে ।

Leave A Reply

Your email address will not be published.