চাপৰৰ মাজমজিয়াত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিষিদ্ধ কফ চিৰাপ জব্দ
চাপৰৰ মাজমজিয়াত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিষিদ্ধ কফ চিৰাপ জব্দ
পালচাৰ বাইকেৰে কঢ়িয়াই আনিছিল নিষিদ্ধ কফ চিৰাপ খিনি
এক গোপন সূত্ৰৰ ভিত্তিত চাপৰ আৰক্ষীয়ে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চলায় অভিযান
চাপৰ বজাৰৰ মাজমজিয়াত নিষিদ্ধ কপ’চিৰাফৰ ৰমৰমীয়া বেহা।
নিষিদ্ধ কপ’চিৰাফ বিক্ৰি কৰিবলৈ আহি আটক এজন সৰবৰাহকাৰী।
আটক সৰবৰাহকাৰী জন ধৃত নিত্যবজাৰৰ আমিনুল ইছলাম বুলি জানিব পৰা গৈছে।
দীৰ্ঘদিন ধৰি চাপৰ বজাৰত এইজন আমিনুলে চলাই আছিল নিষিদ্ধ কপ’চিৰাফৰ বেহা।
অৱশেষত চাপৰ আৰক্ষীয়ে গোপন সুত্ৰৰ পোমখেদি এখন বাইক সহ জব্দ কৰে নিষিদ্ধ কপ’চিৰাফ।
জব্দকৃত বাইকখনৰ নম্বৰ AS 17 M 3239
আটকাধীন আমিনুল পূৰ্বেও নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ গোচৰত জেল হাজোলৈ গৈছিল।
ঘটনা সংক্ৰান্তত চাপৰ আৰক্ষীৰ তদন্ত অব্যাহত।