উধাৰবন্দ বিধায়কৰ ঘৰৰ ওচৰতে স্তব্ধ হৈ পৰিছে পানী প্ৰকল্প।
উধাৰবন্দ বিধায়কৰ ঘৰৰ ওচৰতে স্তব্ধ হৈ পৰিছে পানী প্ৰকল্প। খাছপুৰ চাহ বাগিচাৰ এই প্ৰকল্পৰ পানী যোগান আঠ দিনৰ পৰা বন্ধ কৰি ৰখা হৈছে । স্থানীয় ৰাইজে বাগান কৰ্তৃপক্ষৰ বিৰুদ্ধে চৰম উদাসীনতাৰ অভিযোগ উত্থাপন কৰিছে l ভিআইপি পথৰ কাষত প্ৰকল্পটোৰ সন্মুখত থিয় হৈ স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰে। বিদ্যুৎ দত্ত, নিলয় দাস, শিৱনী চক্ৰৱৰ্তী, স্বৰাজ দাস আৰু যতীন্দ্ৰ তন্তু ৰায়া আদিয়ে কয় প্ৰকল্পটোৰ মটৰ অকেজো হুয়াৰ কাৰণে মটৰটু ব্যৱহাৰ কৰিব নোৱাৰা হৈ পৰাৰ কাৰণে এই প্রকল্পটু অচল হৈ পৰিছে বুলি অভিযোগ উত্থাপন কৰিছে। কিন্তু অৰুণাৱন্দ বাগান কৰ্তৃপক্ষই মটৰ ঠিক কৰিবলৈ অনিচ্ছুক। লগতে কয় যে যিহেতু খাছপুৰ পানী যোগান প্ৰকল্পটো বাগিচাৰ মাটিত নিৰ্মাণ কৰা হৈছিল, সেয়েহে অৰুণাবন্দ বাগানে ইয়াৰ পৰিচালনাৰ দায়িত্ব লৈছিল। আৰু অৰুণাবন্দা বাগানৰ ফাৰি বাগান খাছপুৰ প্ৰকল্পৰ পৰাও বিশুদ্ধ খোৱাপানীৰ সমস্যাটো অতি দুৰ্ভাগ্যজনক। ইফালে প্ৰশ্ন উত্থাপন হৈছে যে ঘৰৰ কাষতে থকা প্ৰকল্পটো আঠদিন ধৰি বন্ধ হৈ আছে, আৰু এই বিষয়ে বিধায়ক অৱগত হোৱা নাই? বিধায়কৰ এনে নিশ্চুপ ভূমিকাত প্রশ্ন উত্থাপন হৈছে ৰাইজৰ মনত l