চাপৰৰ হাতিপোতা , ধীৰঘাট,চিৰাকুটা আদি অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান।

0

চাপৰৰ হাতিপোতা , ধীৰঘাট,চিৰাকুটা আদি অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান। চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পৰিয়ালসকলক উচ্ছেদ কৰে প্ৰশাসনে। উল্লেখ্য যে ৰাষ্ট্ৰীয়ঘাইপথৰ ফ’ৰলেণ্ড নিৰ্মাণৰ বাবে উচ্ছেদ কৰা হয় পৰিয়ালৰ লগতে ঘৰ দুৱাৰ সমূহ। ধুবুৰী জিলা অতিৰিক্ত আয়ুক্ত,চাপৰ ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত চলা উক্ত উচ্ছেদস্থলীত মোতায়েন কৰা হয় আৰক্ষী, অৰ্ধসামৰিকৰ বিশাল বাহিনী।ভালেকেইখন জে চি বি ৰে চলোৱা উচ্ছেদস্থলীত উচ্ছেদিত পৰিয়ালৰ মাজত সৃষ্টি হয় অবৰ্ণনীয় পৰিস্থিতি। উচ্ছেদিত পৰিয়ালৰ অভিযোগ, আমাক কোনো জাননী দিয়া নহল বুলি একাংশই অভিযোগ উত্থাপন কৰে।

Leave A Reply

Your email address will not be published.