অভিযানত কৰিমগঞ্জত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ ।
এছটিএফ আৰু কৰিমগঞ্জ আৰক্ষীৰ যুটীয়া
অভিযানত কৰিমগঞ্জত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ ।
এছটিএফৰ আইজি পাৰ্থ সাৰথি মহন্ত আৰু কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসৰ নেতৃত্বত চলোৱা এই অভিযানত জব্দ হয় বিপুল পৰিমাণে হিৰোইন আৰু ইয়াবা টেবলেট। পোৱামাৰা এলাকাৰ কৰিমগঞ্জ বাইপাচত চলা অভিযানত জব্দ হৈছে ৩.৫০.০০০ ইয়াবা টেবলেট আৰু ১৩০০ গ্ৰাম হিৰোইন । জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মুল্য প্ৰায় ১১৫ কোটি টকা হব বুলি আৰক্ষী সুত্ৰে জানিব পৰা গৈছে। ঘটনাত জড়িত ৪ জনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। আটকাধীন সকল, নইমুল হক, ফুজাইল আহমেদ, আতিকুৰ ৰহমান, আৰু জগজিৎ দেববৰ্মা। NL 01A C 4764 নম্বৰৰ ১২ চকিয়া এখন ট্ৰাকৰ গোপন চেম্বাৰত গোপনে অনা হৈছে এই ড্ৰাগছখিনি। উল্লেখ্য জব্দ হোৱা ট্ৰাকৰ মালিক নইমুল হকৰ পুত্ৰ হাবিব কিছুদিন পূৰ্বে ড্ৰাগছ সৰবৰাহ কৰিবলৈ গৈ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ বৰ্তমান কৰিমগঞ্জ জিলা কাৰাগাৰত আছে।
