কোকৰাঝাৰ জিলা কাৰাগাৰ কৰ্তপক্ষৰ এক যোগাত্মক পদক্ষেপ৷
কামৰূপৰ বংশৰৰ পৰা হাজো সংযোগী চাৰিশৰীয়া পথ নিৰ্মাণ হোৱাত ২নং কুলহাটীত কৃষি ভূমিৰ দাম অধিক হাৰাত বৃদ্ধি পাইছে । এই কৃষি ভূমি সমূহ যেনেকে-তেনেকৈ বিক্ৰী হোৱাৰ তথ্য পোহৰলৈ আহিছে । একাংশ ভূমিৰ পট্টাদাৰে একেডৰা ভূমিকে দুবাৰকৈ বিক্ৰী কৰাৰ উদাহৰন আছে । এনে এক অভিষন্ধিৰ বলি হৈছে বংশৰৰ ব্যৱসায়ী নীলমণি বৈশ্য । হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত ২নং কুলহাটীৰ ১৯৯নং পট্টাৰ ৪২৩ নং দাগৰ ৫ বিঘা ভূমি দুই বছৰ পূৰ্বে ক্ৰয় কৰিছিল বংশৰৰ ব্যৱসায়ী নীলমণি বৈশ্যই । এই ভূমি ডৰা ক্ৰয় কৰিছিল অন্ন পাটোৱাৰী,ভৱেশ পাটোৱাৰী, কামেশ্বৰ পাটোৱাৰী, বগী পাটোৱাৰী, ভাৰতী পাটোৱাৰী, দিনেশ পাটোৱাৰী, ৰমেশ পাটোৱাৰীৰ পৰা । এওঁলোক থাকে বাক্সা জিলাৰ লতিবাৰীত । বিক্ৰী হোৱা ভূমি ডৰা পুনৰ পট্টাদাৰে নিলমনি বৈশ্যক ভূ-মাফিয়া সজাই বিক্ৰীৰ অভিষন্ধি কৰা বুলি অভিযোগ নীলমণি বৈশ্যৰ । এই ষড়যন্ত্ৰত লিপ্ত হৈছে ভাৰতী পাটোৱাৰীৰ বংশৰত থকা জোৱাই দিব্যজ্যোতি দাসে। নিকটতে থকা মাটিৰ পট্টাদাৰে ৫ বিঘা ভূমি যে নীলমণি বৈশ্যই ক্ৰয় কৰিছিল সেইটো জানে । এতিয়া ভূমি ক্ৰয় কৰা উপযুক্ত প্ৰমানেৰে আদালতৰ কাষ চাপিবলৈ সাজু হৈছে নীলমণি বৈশ্যই ।