ডিগবৈ শোধনাগাৰৰ জলপ্ৰকল্পৰ ডেম্প চি ৰ গাৰ্ড ৱালৰ ভূমিস্খলন

0

ডিগবৈ শোধনাগাৰৰ জলপ্ৰকল্পৰ ডেম্প চি ৰ গাৰ্ড ৱালৰ ভূমিস্খলন

কথমপি ৰক্ষা পৰে ডিগবৈ চহৰ ।

ডিগবৈ শোধনাগাৰৰ কাষৰ পাহাৰত থকা শোধনাগাৰটোৰ বাবে পানী সংৰক্ষণৰ প্ৰকল্পৰ “ডেম্প চি” ৰ এখন গাৰ্ড ৱালৰ গাতে লাগি থকা ভূমি স্খলন হোৱাত চহৰখনত আতংময় পৰিৱেশৰ সৃষ্টি হয় । ভূমিস্খলনৰ অংশত ডেম্পৰ পানী ধাৰাষাৰে বৈ যাবলৈ ধৰাত চহৰখনৰ প্ৰায়কেইটা অঞ্চলত জলমগ্ন হোৱাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিয়ে । কৃত্ৰিম বানপানীত চহৰবাসী জোৰোলা হৈ থকা সময়তে ডেম্পটোৰ মাটি খহি পানী বৈ অহা বুলি খবৰ পায় স্থানীয় ৰাইজ স্বাভাবিকতে চিন্তিত হৈ পৰে । কিন্তু আই অ চি য়ে লগে লগে কাৰ্যব্যৱস্থা গ্ৰহন কৰি ডেম্পটোৰ পৰা পানী নিৰ্গত হোৱা বন্ধ কৰে । শোধনাগাৰটোৰ মূৰব্বী তথা আই অ চি (এ অ ডি) ৰ কাৰ্যবাহী বিষয়া অজয় কাইলা সহ সকলো উচ্চ পদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ পৰ্যবেক্ষণ কৰি সাম্ভাব্য বিপদৰ পৰা ৰক্ষা পাব পৰা সকলো ব্যৱস্থা গ্ৰহন কৰে। তদুপৰি মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতি পৰিক্ষীত থৌদাম য়েও ঘটনা স্থলীত উপস্থিত হৈ আই অ চি সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

Leave A Reply

Your email address will not be published.