কচুগাঁৱত পথ দুৰ্ঘটনাত নিহত পাচ যুবকৰ
কচুগাঁৱত পথ দুৰ্ঘটনাত নিহত পাচ যুবকৰ গৃহত বিটিচি প্ৰধান প্ৰমোদ বড়ো উপস্থিত হৈ সমবেদনা জ্ঞাপনঃ
গোসাইগাঁও ১৩ আগষ্টঃ কচুগাঁৱত মহামায়া মন্দিৰৰ সন্মুখত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কালি পথ দুৰ্ঘটনাত নিহত পাঁচ গৰাকী মৃতকৰ পৰিয়ালৰ সৈতে আজি বিটিচি প্ৰধান প্ৰমোদ বড়োৱে সাক্ষাৎ কৰি দুখ প্ৰকাশ কৰি সমবেদনা জ্ঞাপন কৰে ৷ বিটিচি প্ৰধান গৰাকীয়ে আজি পুঁৱা গুৰুফেলাত উপস্থিত হৈ দুৰ্ঘটনাত নিহত শুক্ৰকান্ত ৰায়,বিশ্বনাথ ৰায়,নৱজিৎ ঘোষ,বাসুদেৱ ৰায় আৰু বাপ্পি ঘোষৰ গৃহত উপস্থিত হৈ পিতৃ-মাতৃ তথা পৰিয়ালৰ সৈতে সাক্ষাৎ কৰি পৰিস্থিতিৰ বুজ লয় ৷ দিন মজুৰি কৰি জীবিকা নিৰ্বাহ কৰা পৰিয়ালৰ সকলো পৰিস্থিতিৰ বুজ লৈ ভবিষ্যতে সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস দিয়ে ৷ তেও প্ৰাথমিক ভাবে পৰিয়াল কেইটাক কিছু আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে ৷ ভবিষ্যতে মহামায়া মন্দিৰৰ সন্মুখত বেৰিকেডৰ ব্যবস্থা সন্দৰ্ভত মহকুমাধিপতিৰ সৈতে আলোচনা কৰি ব্যবস্থা লব বুলি আশ্বাস দিয়ে ৷ আনহাতে দুৰ্ঘটনাত আহত হৈ চিকিৎসাধীন হৈ থকা বিনোন ৰায় খবৰ লৈ ব্যবস্থা গ্ৰহনৰ আশ্বাস দিয়ে বিটিচি প্ৰধানে ৷