নগাঁৱৰ নৱৰূপ জাতীয় বিদ্যাপীঠত প্ৰাক-স্বাধীনতা দিৱস উদযাপন: হৰ ঘৰ ত্ৰিৰংগা II
নগাঁৱৰ নৱৰূপ জাতীয় বিদ্যাপীঠত প্ৰাক-স্বাধীনতা দিৱস উদযাপন: হৰ ঘৰ ত্ৰিৰংগা
নগাঁও: নগাঁও চহৰৰ পানীগাঁও শিৱনগৰস্থিত নৱৰূপ জাতীয় বিদ্যাপীঠত আজি আয়োজন কৰা প্ৰাক-স্বাধীনতা দিৱসৰ এক কাৰ্যসূচীত নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে অংশগ্ৰহণ কৰে । বিদ্যালয় খনৰ বিষ্ণু -জ্যোতি চৌহদত আয়োজন কৰা এই অনুষ্ঠানৰ জৰিয়তে বিদ্যালয় কৰ্তৃপক্ষই শিক্ষাৰ্থী সকলক দেশপ্ৰেম আৰু দেশৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস সম্বন্ধে অৱগত কৰাৰ বাবে প্ৰচেষ্টা চলায়। তদুপৰি কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক কাৰ্যসূচীৰ অংশ স্বৰূপে বিদ্যালয় খনৰ শিক্ষাৰ্থী সকলে হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ ভাৰত মাতা কী জয় ধ্বনিৰে বিদ্যালয় চৌহদ মুখৰিত কৰাৰ লগতে জিলা আয়ুক্ত গৰাকীক স্বাগতম জনায়। ইয়াৰ পাছতে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে কয়- বিদ্যালয় খনৰ এই প্ৰচেষ্টা সঁচাকৈয়ে আদৰণীয় আৰু অদ্বিতীয়। এই কাৰ্যসূচীৰ জৰিয়তে শিক্ষাৰ্থী সকলৰ প্ৰানত নিশ্চিত ভাৱে দেশপ্ৰেমৰ ভাৱ জাগ্ৰত হ’ব। শিক্ষাৰ্থী সকলৰ প্ৰদৰ্শন কৰা উৎসাহে আমাকো আপ্লুত কৰিছে বুলিও জিলা আয়ুক্ত গৰাকীয়ে মন্তব্য প্ৰকাশ কৰে।