পুনৰ পাহাৰীয়া জিলা কাৰ্বি আংলংলৰ নাম উজ্বলালে ৩৫গৰাকীকৈ সমৰ কলা খেলুৱৈয়ে

0

পুনৰ পাহাৰীয়া জিলা কাৰ্বি আংলংলৰ নাম উজ্বলালে ৩৫গৰাকীকৈ সমৰ কলা খেলুৱৈয়ে।

চলিত মাহৰ ৯আৰু ১০আগষ্ট তাৰিখে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰ চহৰত আয়োজন কৰা ডিমাপুৰ জিলা টাইকোৱান্দু প্ৰতিযোগিতা ২০২৪ত বোকাজান মহকুমাৰ খটখতি তাইকোৱান্দু একাডেমিৰ ৩৭গৰাকীকৈ খেলুৱৈয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল,আৰু ইয়াৰে ৩৫গৰাকীকৈ খেলুৱৈয়ে উন্নত মানৰ খেল প্ৰদৰ্শন কৰি পাহাৰীয়া জিলা খনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়।

জানিব পৰা অনুসৰি খটখতি তাইকোৱান্দু একাডেমিৰ প্ৰশিখক অনিৰুদ্ধ পাণ্ডেৰ নেতৃত্বত যোৱা প্ৰতিযোগী সকলে ২৩টাকৈ সোণ,৮টাকৈ ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

আনহাতে প্ৰশিখক অনিৰুদ্ধ পাণ্ডেৰ তত্বাৱধানত সৰিয়হজান তাইকোৱান্দু ক্লাব নামৰ অতি চালুকীয়া অনুষ্ঠানতোৰ পৰা প্ৰতিযোগিতাত প্ৰশিখক মাষ্টাৰ অনিলৰ ৩গৰাকীকৈ খেলুৱৈয়ে অংশগ্ৰহণ কৰি ২টা সোণ আৰু ১টা ৰূপৰ পদক আজুৰি আনি অঞ্চল দুখৰলৈ গৌৰৱ কঢ়িয়াই আনে।

পদক বিজয়ী খেলুৱৈ সকলক খটখতি তাইকোৱান্দু একাডেমিত এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠান আয়োজন কৰি বিশেষ সম্বৰ্ধনা জনোৱা হয়।সম্বৰ্ধনা অনুষ্ঠানত বোকাজান প্ৰেছ ক্লাৱৰ সম্পাদক সৰুজ মহন্ত,বিশিষ্ট ব্যৱসায়ী হৰিশ পুৰোহিতঅতিথি হিচাপে উপস্থিত থাকি খেলুৱৈ সকলক সম্বৰ্ধনা জনোৱাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.