কর্তব্যৰত মহিলা চিকিৎসকৰ হত্যা কাণ্ডৰ বিৰুদ্ধে প্রতিবাদ , উপযুক্ত বিচাৰৰ দাবীত মোমবাতিৰ সমদল শিলচৰ মেডিকেল কলেজ চিকিৎসকৰ l

0

কর্তব্যৰত মহিলা চিকিৎসকৰ হত্যা কাণ্ডৰ বিৰুদ্ধে প্রতিবাদ , উপযুক্ত বিচাৰৰ দাবীত মোমবাতিৰ সমদল শিলচৰ মেডিকেল কলেজ চিকিৎসকৰ l

শুকুৰবাৰৰ পুৱাৰ ভাগত কলকাতাৰ আৰ.জি.কৰ মেডিকেল কলেজ আৰু হাস্পাতালৰ জৰুৰী বিভাগৰ চতুৰ্থ তলাত হাস্পাতালত কর্তব্যৰত ২২বছৰৰ মহিলা চিকিৎসকৰ মৰদেহ উদ্ধাৰ কৰা হয়। অভিযোগ , তেওঁক ধর্ষণ কৰি খুন কৰা হৈছে। মৃতদেহ উদ্ধাৰৰ সময়ত তেওঁৰ পোছাক ঠিক নাছিল। যি ছেমিনাৰ হলৰ পৰা চিকিৎসকৰ দেহ উদ্ধাৰ কৰা হৈছিল তাত চিচি টিভি কেমেৰাও নাছিল ।এই মহিলা চিকিৎসকৰ নৃশংস হত্যাকাণ্ডক কেন্দ্র কৰি সমগ্ৰ দেশত থকা চৰকাৰী মেডিকেল কলেজ হাস্পাতালৰ চিকিৎসকৰ লগতে শিলচৰ মেডিকেল কলেজ আৰু হাস্পাতালত কর্তব্যৰত গুতেই বিভাগৰ চিকিৎসকে সোমবাৰৰ সন্ধিয়া হাতত মোমবাতি লৈ হাস্পাতাল চৌহদত প্রতিবাদী সমদল উলায় ।নৃশংস হত্যাকাণ্ডৰ চিকাৰ হোৱা মহিলা চিকিৎসকৰ উপযুক্ত বিচাৰ সহ সমগ্ৰ‌ দেশৰ চিকিৎসকৰ নিৰাপত্তাৰ দাবী উত্থাপন কৰে শিলচৰ মেডিকেল কলেজ হাসপাতালৰ জুনিওৰ ডক্টৰছ এছোচিয়েচনে। প্রতিবাদী চিকিৎসকে তীব্র ভাষাত ঘটনাৰ ধিক্কাৰ আৰু গৰিহণা জনায় । মোমবাতি সমদলত চামিল হোৱা চিকিৎসকে “হত্যাকাণ্ডৰ আমাৰ ন্যায় বিচাৰ লাগিব”, আমাৰ নিৰাপত্তা সুনিশ্চিত কৰক, নহলে এই জুই জ্বলিছে, জ্বলিব আদি শ্লোগান দি আকাশ-বতাহ কপাই তোলে চিকিৎসকে।নিৰপেক্ষ ময়নাতদন্ত আৰু হত্যাৰ বিচাৰ বিভাগীয় তদন্ত দাবী জনায় শিলচৰ মেডিকেল কলেজ আৰু হচপিটালৰ জুনিওৰ ডক্টৰছ এছোচিয়েচনৰ‌ চিকিৎসক তথা কবি-লেখক ডাঃ কনকদ্বীপ শর্মা, সভাপতি ডাঃ ছলমান চৌধুৰী, সাধাৰণ সম্পাদক ডাঃ তাহিৰ আহমেদ বৰভূঞা,উপ সভাপতি ডাঃ পুনিত শর্মা,ডাঃ ৰোনক ভট্টাচার্য্য, কোষাধ্যক্ষ আতিকুৰ ৰহমান চৌধুৰী, ডাঃ মধুস্মিতা শ্যাম,সহ -সম্পাদক ডাঃ ডেনিয়েল নওৱাজ মজুমদাৰ,ডাঃ সপ্তর্ষি সিংহা, ডাঃ অশ্বিন কুমাৰ প্ৰমুখ্যে।

Leave A Reply

Your email address will not be published.