শদিয়াৰ সমষ্টিৰ অন্তৰ্গত মিছিমিকাটাত চাহ শ্ৰমিকৰ প্ৰতিবাদ। এখন চৰকাৰী পথক লৈ উলাই আহিল শতাধিক শ্ৰমিক ।

0

শদিয়াৰ সমষ্টিৰ অন্তৰ্গত মিছিমিকাটাত চাহ শ্ৰমিকৰ প্ৰতিবাদ। এখন চৰকাৰী পথক লৈ উলাই আহিল শতাধিক শ্ৰমিক ।

অনিৰ্দিষ্ট কাললৈকে কামৰ পৰা বিৰত থাকিব শ্ৰমিক সকল ৷

দোপতদোপে অসমত বনিয়া গোষ্ঠীৰ উপদ্ৰৱ যেন শাম কটা নাই।
শ্ৰমিকৰ উপৰত শোষণ আৰু নিষ্পেষণ চলাই থকাৰ উপৰিও এইবাৰ অসম চৰকাৰক বুঢ়া আঙুলি দেখুৱালে বহিঃৰাজ্যৰ মাৰোৱাৰী বনিয়া জনৈক ৰঞ্জিত জিতানীয়ে ।
শদিয়া সমষ্টিৰ ভিতৰুৱা গাওঁ হৈছে মিছিমিকাটা গাওঁ। এই গাওঁখনত তিনিখন মান চাহ বাগিচাৰ সৈতে এখন সৰু চাহ বাগিচা হ’ল “জীতানি” চাহ বাগিচা , একেজন জীতানিৰ আছে এখন চাহ ফেক্টৰীও । য’ত প্ৰায় ৫০০ৰ অধিক চাহ শ্ৰমিকে কৰ্ম কৰি জীৱনযাপন কৰি আছে ।
উক্ত জীতানি চাহ বাগিচাৰ চাৰিওফালে আন বহুজনৰ ব্যক্তিগত চাহ বাগিচা আছে । বাট পথ তেনেই জৰাজীৰ্ণ। ১৯৪২ চনৰ দৰেই শ্ৰমিক ৰাইজে বাটপথক লৈ এক কন্টকময় জীৱন পাৰ কৰিছে।
তেনে সময়ত চৰকাৰে এখন আচঁনিয়ে ভাগ্যবশতঃ ঢুকি পালে । এক আঁঠু বোকাৰ পথ চোৱা পকীকৰণ হব। যাৰ বাবে চৰকাৰে আগবঢ়াইছে এককোটি টকা । আৰু এই পথটো জীতানি চাহ বাগিচাৰ মাজেদিয়েই পাৰ হৈছে ।
কিন্তু ৰঞ্জিত জীতানিয়ে NOC নিদিয়া পৰ্যন্ত টেণ্ডাৰ পাচ নহব। আনহাতে জনসাধাৰণক লাগে পকী পথ । বহিঃৰাজ্যৰ মাৰোৱাৰী বনিয়া ৰঞ্জিত জীতানিয়ে এইপৰ্যন্ত আকোৰগোঁজ ,তেওঁ NOC নিদিয়ে। বিকাশ আৰু উন্নয়নৰ বাবে চৌপাশে থকা চাহ মালিকে NOC দিছে যদিও একমাত্ৰ মাৰোৱাৰীয়ে চৰকাৰক বুঢ়া আঙুলি দেখুৱাই নিজৰ বাহুবল প্ৰদৰ্শন কৰিছে।
যাৰ বাবে নিৰুপায় হৈ চাহ বাগিচাখনৰ ৫০০ৰ অধিক শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰয়োজনত ফেক্টৰী ঘেৰাও কাৰ্যসুচীও লোৱা হব ।
মুঠতে এই ভুমি ৰঞ্জিত জীতানিৰ পৈতৃক সম্পত্তি নহয় । ৰঞ্জিত জীতানিয়ে যেতিয়ালৈকে পকী পথৰ NOC নিদিব তেতিয়ালৈকে কৰ্মবিৰতি পালন কৰিব বুলি শ্ৰমিক ৰাইজে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.