দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আজি বৰগাং শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰেক্ষাগৃহতপ্ৰজ্ঞা ফাউণ্ডেশ্যনৰ দ্বাৰা বন্দে মাতৰম গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা
দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আজি বৰগাং শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰেক্ষাগৃহত
প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ দ্বাৰা বন্দে মাতৰম গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা l
আজি বিহালী বৰগাংস্হিত শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰেক্ষাগৃহত প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু চাইনিং গ্ৰীণ আচিয়ানা ওৱেলফাৰ ফাউণ্ডেশ্যনৰ সহযোগত বন্দেমাতৰম গীতৰ আধাৰত ছাত্ৰ ছাত্ৰীৰ মাজত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়।বিশ্বনাথ জিলাক সামৰি অনুষ্ঠিত কৰা নৃত্য প্ৰতিযোগিতাত প্ৰায় ১২ টা দলে অংশগ্ৰহণ কৰে।।এই অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে অভ্যৰ্থনা সমিতিৰ সভানেত্ৰী ৰূপালী দাসে আৰু প্ৰতিযোগী সকলক উদ্দেশ্যী ভাষণ প্ৰদান কৰে গ্ৰীণ আচিয়ানা ওৱেলফাৰ ফাউণ্ডেশ্যনৰ সঞ্চালক ড, কিশোৰ হাজৰিকাই। এই কাৰ্যসূচীত বিভিন্ন দিশত আঁত ধৰে বিশ্বনাথ জিলা প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ সভাপতি পঙ্কজ্যোতি ভূঞা সম্পাদক ভৰত দাস আৰু আহ্বায়ক অৰিন্দম ভট্টাচাৰ্য্য। এই অনুষ্ঠানত শিক্ষক চিত্তৰঞ্জন ৰয়, কুঞ্জ হাজৰিকা চাইনিং গ্ৰীণ আছিয়ানা ফাউণ্ডেশ্যনৰ সঞ্চালিকা স্নীগ্ধাজ্যোতি হাজৰিকাৰ লগতে নৃত্য প্ৰেমী লোকে অংশগ্ৰহণ কৰে। নটৰাজ ডাঞ্চ গ্ৰুপ প্ৰথম। চতিয়া কলেজ দ্বিতীয়। চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় তৃতীয় l