হোজাইত অনুজ্ঞাপত্ৰ বিহীন ধানৰ মিলৰ ৰমৰমিয়া বেহা।
হোজাইত অনুজ্ঞাপত্ৰ বিহীন ধানৰ মিলৰ ৰমৰমিয়া বেহা।
জনবসতি পূৰ্ণ স্থানত অনুজ্ঞা পত্ৰ বিহীন ধনৰ মিলে জ্বলা কলা খোৱাইছে স্থানীয় ৰাইজক।
শব্দ আৰু বায়ু প্ৰদূষণ কৰি বছৰ বছৰ ধৰি হাৰা শাস্থি প্ৰদান কৰি গৈছে ধানৰ মিলটোৱে। মিলটুৰ বিকট শব্দৰ বাবে বাধা গ্ৰস্থ হৈছে ছাত্ৰ ছাত্ৰীৰ পঢ়া – শুনা
Vo-হোজাই জ্ঞানদা ৰাইছ মিল নামৰ অবৈধ মিলৰ বাবে একাংশ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰৰ দিশে গতি কৰিছে।
স্থানীয় ৰাইজে এই অবৈধ মিলটোৰ বিৰুদ্ধে হোজাই জিলা উপায়ুক্ত তথা প্ৰদূষণ নিয়ন্ত্ৰণ কাৰ্য্যালয় আৰু ধনিৰাম পথাৰ গাঁও পঞ্চায়ত কাৰ্যালয়ত অভিযোগ দাখিল কৰাৰ পিছত মিলটোৰ বিৰুদ্ধে আজিলৈ কোনো বে ব্যৱস্থা নকৰাৰ অভিযোগ আনিলে স্থানীয় ৰাইজে।
ইতিমধ্যে মিলটো স্থাপন কৰা মাটি খিনিও কোনো ব্যৱসায়ীক শ্ৰেণীৰ নহয় বুলিও জানিব পৰা গৈছে।
আন ফালে মিলটোৰ কোনো প্ৰদূষণ নিয়ন্ত্ৰণৰ প্ৰমাণ পত্ৰ নথকাৰ অভিযোগ উত্থাপন কৰে স্থানীয় তথা জ্যেষ্ঠ নাগৰিক ভগীৰথ দাস মানৰ এজন ব্যক্তিয়ে।
কিয়নো জনবসতিপূৰ্ণ ফকীৰাবস্তি গাৱত জ্ঞানদা ৰাইছ মিলৰ ধূলি আৰু শব্দ প্ৰদূষণত অতিষ্ট হৈছে পৰিছে কাষৰীয়া লোক। নিচেই কাষতে লাগি থকা মিলৰ বিকট শব্দৰ বাবে ছাত্ৰ ছাত্ৰীৰ পঢ়া-শুনাত বহু দিন ধৰি বাধাৰ সৃষ্টি কৰি আহিছে ।
আৰু সেইবাবেই স্থানীয় লোকে উপায় অন্ত নাপাই অবৈধ মিলৰ বিৰুদ্ধে জিলা উপায়ুক্তকে ধৰি ,প্ৰদূষণ নিয়ন্ত্ৰণৰ তথা ধনীয়াম পথাৰ গাঁওপঞ্চায়তত অভিযোগ দাখিল কৰে।
কিন্তু ইমান অভিযোগ প্ৰতি অভিযোগ দিয়াৰ দিয়াৰ পাছতো আজিলৈ এই অবৈধ মিল্টোৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰানাই হোজাই জিলা প্ৰশাসনে।
আমাৰ বাতৰি সম্প্ৰচাৰৰ পৰবৰ্তী সময়ত মিলটোৰ বিৰুদ্ধে হোজাই জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সময়ত লক্ষণীয়।