গুৱাহাটী মহানগৰীৰ আজাৰাত লাভ জেহাদৰ বিৰুদ্ধে প্ৰতিবাদি কাৰ্য্যসূচী।
ৰাজ্যত পুনৰ সংঘটিত হৈছে লাভ জেহাদৰ ঘটনা।
গুৱাহাটী মহানগৰীৰ আজাৰাত সংঘটিত হৈছে লাভ জেহাদৰ ঘটনা।
হিন্দু যুৱতীক মুছলমান যুবকে অপহৰণ কৰি নিয়াৰ অভিযোগ পৰিয়ালৰ।
আজাৰা হাটখোৱাপাৰাৰ পৰম আলি নামৰ এজন যুৱকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ।
যোৱা ১৪ আগষ্টৰ পৰাই নিখোজ হৈ আছিল যুৱতীগৰাকী।
পৰিয়ালৰ লোকে এই সন্দৰ্ভত আজাৰা থানাত অৱগত কৰাৰ পিছতো আৰক্ষীয়ে কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে।
বিশ্ব হিন্দু পৰিষদ, আৰ এছ এছ, সদৌ অসম যুৱক সংঘ, সনাতনী বীৰ সেনাকে আদি কৰি বহুকেইটা দল সংগঠনে আজাৰা থানাত উপস্থিত হৈ ছোৱালীজনীক উদ্ধাৰৰ দাবী জনাইছে।
আৰু এই সন্দৰ্ভত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে দল সংগঠনবোৰে।