দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত দখলা পাহাৰস্থিত শ্ৰীশ্ৰীবুঢ়াগোহাঁই থানত উপস্থিত জগতগুৰু শংকৰাচাৰ্য অধ্যাক্ষজানন্দ তীৰ্থ মহাপ্ৰভু৷
প্ৰৰ্যটকক আকৰ্ষিত কৰা দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত দখলা পাহাৰস্থিত শ্ৰীশ্ৰীবুঢ়াগোহাঁই থানত শনিবাৰে উপস্থিত হয় গোৱৰ্ধন পীঠ পুৰীৰ জগতগুৰু শংকৰাচাৰ্য শ্ৰীশ্ৰীঅধ্যাক্ষজানন্দ তীৰ্থ মহাপ্ৰভু৷
ঐতিহ্যমণ্ডিত দখলা পাহাৰত অনুস্থিত কৰা মা মনষা পূজাৰ দিনাখনেই বুঢ়াগোহাঁই থানত পদাৰ্পণ কৰি জগতগুৰু শংকৰাচাৰ্যই সমুহ ভক্তপ্ৰাণ ৰাইজক আসীষবাণী প্ৰদান কৰে৷
শ্ৰীশ্ৰীবুঢ়াগোহাঁই থানত উপস্থিত হৈয়ে জগতগুৰু শংকৰাচাৰ্যই দখলা পাহাৰৰ প্ৰাকৃতিক সৌন্দৰ্য্যত অভিভূত হোৱা পৰিলক্ষিত হয়।
জগতগুৰু শংকৰাচাৰ্যৰ এই পদাৰ্পণত বহুসংখ্যক ভক্তৰ সমাগম হোৱাও দেখা গল৷আনহাতে জগতগুৰু শংকৰাচাৰ্যৰ পদাৰ্পণত সম্পূৰ্ণ সংগ দিয়ে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাঙ্গ ঠাকুৰীয়াই৷
লগতে উপস্থিত থাকে বিশিষ্ট কন্ঠশিল্পী বিদ্যাসাগৰৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি৷