নাজিৰাৰ মাদুৰী চাহ বাগিচাত নাহৰফুটুকী বাঘ পিঞ্জৰাৱদ্ধ।
নাজিৰাৰ মাদুৰী চাহ বাগিচাত নাহৰফুটুকী বাঘ পিঞ্জৰাৱদ্ধ।
দীৰ্ঘদিন ধৰি নাজিৰাৰ মাদুৰি চাহ বাগিচা এলেকাত নাহৰফুটুকী বাঘে বহু পৰিয়ালৰ গৰু , ছাগলী নিধন কৰাৰ লগতে যোৱা ৯ আগষ্টত জয় পানিকা নামৰ শ্ৰমিকজনে বাগিচাত কাম কৰি থকা অৱস্থাত বাঘে আক্ৰমণ কৰি গুৰুতৰ ভাৱে আঘাটপ্ৰাপ্ত কৰাৰ ঘটনাই অঞ্চলটোত বৰ্তমানেও আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰিছে । উক্ত দিনাই নাজিৰাৰ গেলেকী খণ্ড বন কাৰ্য্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া হিৰণ্য বৰুৱাৰ প্ৰচেষ্টাত বাগিচাখনৰ তিনিটা স্থানত পিঞ্জৰা স্থাপন কৰিছিল । অৱশেষত আজি পুৱা ভাগতে মাদুৰি চাহ বাগিচাৰ মাজত স্থাপন কৰা এটা পিঞ্জৰাত এটা প্ৰাপ্তবয়স্ক নাহৰফুটুকী বাঘ পিঞ্জৰাৱদ্ধ হয় । বাঘটো পিঞ্জৰাবদ্ধ হোৱাত স্থানীয় ৰাইজ তথা চাহ শ্ৰমিক সকলৰ শংকা দূৰ হৈছে যদিও বাগিচাখনত আৰু কেইবাটাও নাহৰফুটুকী বাঘ থকাৰ বিষয়ে জানিবলৈ দিয়ে স্থানীয় ৰাইজে । আনহাতে আজি পিঞ্জৰাৱদ্ধ হোৱা নাহৰফুটুকী বাঘটো বন বিভাগে পশু চিকিৎসকৰ জৰিয়তে প্ৰাথমিক চিকিৎসা কৰাই সংৰক্ষিত বনাঞ্চলত মুকলি কৰিব বুলি বন বিভাগৰ সূত্ৰে জানিব পৰা গৈছে ।