স্মাৰ্ট মিটাৰৰ আতিশয্য, অভাৱনীয় বিদ্যুত মাছুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত।

0

অনতিবিলম্বে চৰকাৰ তথা বিদ্যুৎ বিভাগক স্মাৰ্ট মিটাৰ, বৰ্ধিত বিদ্যুৎ মাছুল আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ ক্ষেত্ৰত ব্যৱস্থা লোৱাৰ হুংকাৰ।

বিশ্বনাথ: ১৭ আগষ্ট: সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাই বিশ্বনাথ চাৰিআলিৰ মাজ মজিয়াত আজি বিদ্যুৎ বিভাগ হায় হায়, শক্তি মন্ত্ৰীৰ কাম নাই, বিদ্যুৎ মাছুল হ্ৰাস কৰক, ২৪ ঘন্টাই বিদ্যুৎ যোগান ধৰক, মুখ্যমন্ত্ৰী হিমন্তবিশ্বৰ গ’বেক, এ পি ডি চি এলৰ কাম নাই, স্মাৰ্ট মিটাৰ সংযোগ বন্ধ কৰক আদি শ্লগানেৰে স্মাৰ্ট মিটাৰৰ আতিশয্য, অভাৱনীয় বিদ্যুত মাছুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয়।
উক্ত কাৰ্যসূচীত উপস্থিত থাকে সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ সভাপতি আজমত শেখ, সহকাৰী সাধাৰণ সম্পাদক ভাস্কৰ বৰা, বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি সুৰজ ভূঞা, বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি লক্ষজিত শইকীয়া, সাধাৰণ সম্পাদক প্ৰজ্ঞান শইকীয়া, পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰহ্লাদ মিলি লগতে জিলা ছাত্ৰ সন্থাৰ বিষয় ববীয়া আৰু আঞ্চলিক ছাত্ৰ সমূহৰ বিষয় ববীয়া সকল ।
সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ দাবী কম দিনৰ ভিতৰত স্মাৰ্ট মিটাৰৰ আতিশয্য, অভাৱনীয় বিদ্যুত মাছুল বৃদ্ধি হ্ৰাস আৰু ২৪ ঘণ্টা নিয়মীয়া বিদ্যুৎ যোগান দিব নোৱাৰিলে ৰাইজৰ সহযোগত তীব্ৰতৰ হব আন্দোলন কাৰ্যসূচী।

Leave A Reply

Your email address will not be published.