নগাঁৱত ভূৱা বেংক প্ৰতিষ্ঠানৰ পৰিচালকক গ্ৰেপ্তাৰ।
নগাঁৱত ভূৱা বেংক প্ৰতিষ্ঠানৰ পৰিচালকক গ্ৰেপ্তাৰ। লাখ লাখ টকা আত্মসাৎ। নগাঁৱত ভূৱা বেংক প্ৰবঞ্চক গ্ৰেপ্তাৰ | নগাঁও আৰক্ষীয়ে নগাঁও চহৰৰ আজাদ নগৰৰ পৰা গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চকটোক | প্ৰৱঞ্চকটো জাজৰিৰ আফতাৰ হুছেইন | প্ৰৱঞ্চকটোৱে নগাঁও চহৰৰ ঢাকাপট্ৰিত North East development Nidhi Limited Banking নামেৰে ভুৱা বৃত্তীয় প্ৰতিষ্ঠানৰ কায্যালয় স্হাপন কৰি গ্ৰাহকৰ পৰা ধন সংগ্ৰহ কৰি আহিছিল | প্ৰৱঞ্চকটোৱা প্ৰায় পাঁচ শতাধিক গ্ৰাহকৰ পৰা ধন সংগ্ৰহ কৰিছিল | গ্ৰাহক সকলে জমা ধন ঘুৰাই খোজিলে ওলোটাই ভাবুকি প্ৰদান কৰে | গ্ৰাহক প্ৰৱঞ্চক টোৱে দুই বছৰ পূৰ্বে গুৱাহাটীত একে গোচৰত অভিযুক্ত হৈছিল | ইপিনে প্ৰৱঞ্চক টোক নগাঁও আৰক্ষীয়ে সাত দিনৰ ভাৱে জিম্মাত লৈ অধিক তথ্যৰ ভাৱে জেৰা চলাব | নগাঁও ঢাকাইপট্টিতৰ যিটো বাস গৃহত North East development Nidhi নামেৰে ভুৱা বিত্তীয় প্ৰতিষ্ঠানটো ভাড়া লৈছিল তাৰ লাইটৰ বিল আৰু ভাড়াৰ ধনো লাভ নকৰিলে বাসগৃহটোৰ গৰাকীয়ে।