কোকৰাঝাৰ জিলাৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ অধীনৰ চৌধুৰীঘাটত নিৰুদেশ হোৱা অভিজিত সৰ্কাৰৰ চাৰিদিন অতিক্ৰম হোৱাৰ পিছতো সন্ধান ওলোৱা নাই।
অসম আৰক্ষী SDRF বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত।
ঊল্লেখ্য যে গোসাইগাওঁৰ কচুগাওঁ বজাৰৰ অভিজিত সৰ্কাৰ নামৰ ব্যক্তিজন যোৱা ১৫ আগষ্ট বৃহস্পতিবাৰ দিনা নিজৰ পৰিয়ালৰসৈতে পিকনিক উদযাপন কৰিবলৈ গৈছিল ৰাইমনাৰ চৌধুৰীঘাটত।
এই সময়ত সংকোষ নদীত গা ধুবলৈ গৈ অভিজিত সৰকাৰ নামৰ ব্যক্তিজন নিখোজ হৈ পৰে নদীত। পৰিয়ালৰ সদস্য সকলে আৰক্ষী আৰু গাঁৱৰ ৰাইজৰ সহযোগত নদিত অভিযান চলায় যদিওঁ বিচাৰি পোৱা নাই।
ইতিমধ্যে গোসাইগাওঁ আৰক্ষীয়ে SDRF ৰ সহযোগত বিগত তিনিদিন ধৰি ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও আজিলৈ বিচাৰি পোৱা নাই ব্যক্তিজনৰ।