যাদুৰ নগৰী মায়ঙত আজি ইন্দ্রজাল যাদু মহোৎসৱলত দেশ-বিদেশৰ পৰ্যটকেৰে উদুলিমুদুলি পৰিবেশ
যাদুৰ নগৰী মায়ঙত আজি ইন্দ্রজাল যাদু মহোৎসৱলত দেশ-বিদেশৰ পৰ্যটকেৰে উদুলিমুদুলি পৰিবেশ
ইন্দ্রজাল যাদু মহোৎসৱত । জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে মৰিগাঁও জিলাৰ আৰক্ষী অধিক্ষকৰ নেতৃত্বত জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী সকলো ইন্দ্ৰজাল মহোৎসৱ সফল কৰি তুলিবলৈ ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে ৷
উল্লেখযোগ্য যে মৰিগাঁও জিলাৰ পশ্চিম প্রান্তত অৱস্থিত ঐতিহ্যমণ্ডিত মায়ং-পবিতৰা অঞ্চলৰ পৰ্যটন কেন্দ্রিক উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও জিলা প্রশাসনৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মায়ং ইন্দ্রজাল যাদু মহোৎসৱ চলি আছে ৷
আজি পুৱা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মায়ঙৰ সমৃদ্ধ সাংস্কৃতিক আৰু যাদুবিদ্যাৰ ইতিহাস সামৰি এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰা হ’ব । প্রস্তুতি বর্ষ হিচাপে এইবাৰ এদিনীয়া কাৰ্যসূচী চলি আছে যদিও এই উৎসৱত পৰৱৰ্তী বৰ্ষবোৰত ভাৰতবৰ্ষৰ সকলো যাদুকৰক একত্ৰিত কৰি সপ্তাহজোৰা বিস্তৃত কাৰ্যসূচীৰে উদযাপনৰ বাবে পৰিকল্পনা আছে বুলি জানিব দিয়ে আয়োজক সকলে ৷ এই উৎসৱৰ জৰিয়তে মৰিগাঁও জিলাৰ যাদু বাবে বিখ্যাত মায়ং আৰু এটা খড়্গযুক্ত গঁড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্যৰ লগতে জিলাখনৰ আন আন পর্যটন ক্ষেত্রসমূহক বিশ্ব পৰ্যটনৰ মানচিত্ৰত এক মর্যাদাসম্পন্ন স্থানত অধিষ্ঠিত কৰাই জিলাখনলৈ দেশী-বিদেশী পৰ্যটকৰ সোঁত অধিক হাৰত বোৱাই আনিব পৰা যাব বুলি আশা প্রকাশ কৰা হৈছে । আজি মায়ঙৰ ভালেসংখ্যক বেজক সন্মুখত লৈ অঞ্চলটোৰ যাদুকৰী সভ্যতা-সংস্কৃতি আৰু ঐতিহাসিক সমলসমূহৰ প্রদর্শনেৰে এক অনন্য আৰু বর্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰে । যাদুবিদ্যাৰ পৰম্পৰাগত বেজসকলৰ যাদু প্ৰদৰ্শনৰ লগতে যাদু সম্রাট বিক্ৰমৰ যাদুৰ মায়াজাল প্ৰদৰ্শন হ’ব উৎসৱৰ অন্য এক আকর্ষণীয় কাৰ্যসূচী।