ৰাজ্যৰ ৫ বিধানসভা সমষ্টিৰ বাবে উপ নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও বিহালীত বলি আছে নিৰ্বাচনী বতাহ ৷
ৰাজ্যৰ ৫ বিধানসভা সমষ্টিৰ বাবে উপ নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও বিহালীত বলি আছে নিৰ্বাচনী বতাহ ৷ বিহালী বিধান সভা সমষ্টিৰ উপ নিৰ্বাচনৰ দায়িত্ব লাভ কৰা মন্ত্ৰী পিযুচ হাজৰিকাই আজি সমষ্টিটোৰ বিহালী আৰু বাঘমৰা মণ্ডলত দুখনকৈ সাংগঠনিক সভাত অংশগ্ৰহন কৰে ৷ দলে যাক টিকট দিয়ে আমি তেওৰ কাৰনে কষ্ট কৰিম ৷ আমাৰ দলত প্ৰাৰ্থীত্বৰ তালিকা প্ৰকাশ পোৱাৰ লগে লগেই সকলো এক হয় ৷ মই নাভাবো যে বিহালী বিজেপিত কাজিয়া আছে ৷ মই আশাবাদী যে এই সমষ্টিটোত আমি বহুত ভোটৰ ব্যৱধানত জয়লাভ কৰিম ৷ আমি চামগুৰিকে আদি কৰি আটাইকেইটা সমষ্টিতে জিকিবলৈ চেষ্টা কৰিম ৷ কিন্তু বিহালীটো আমৰ A1 কেটেগৰীৰ চিট ৷ বিহালী বিজেপিত ভাগ ভাগ নাই ৷ দলে যি সীদ্ধান্ত লৱ সকলোৱে পালন কৰিব আৰু আমি বিহালীত জিকিম ৷ আনহাতে বৰপেটাত খিলঞ্জীয়াৰ ওপৰত হোৱা আক্ৰমন সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে এইবোৰ বেয়া খৰব ৷ অসমীয়া মানুহ অসমতেই যদি কাৰোবাৰ আক্ৰমণৰ বলী হব লগীয়া হয় এইয়া বেয়া খবৰ ৷ এই পৰিবেশটো দিনক দিনে বেয়া হৈ গৈ আছে। গতিকে এই পৰিবেশটো মোকাবিলা কৰিবৰ বাবে সকলোৱেই সাহসী পদক্ষেপ লৱ লাগিব ৷