আজিজুৰ ৰহমান লস্কৰ নামৰ এজন ড্ৰাগছ ব্যৱসায়ী বিৰুদ্ধে প্ৰতিবাদ স্হানীয় ৰাইজৰ।

0

আজিজুৰ ৰহমান লস্কৰ নামৰ এজন ড্ৰাগছ ব্যৱসায়ী বিৰুদ্ধে প্ৰতিবাদ স্হানীয় ৰাইজৰ। আজিজুৰ ৰহমানৰ আত্মীয় আৰু স্থানীয় বাসিন্দাক লৈ বিৰক্ত হৈ সংবাদ মাধ্যমৰ লগত প্ৰতিবাদ কৰে। কাছাৰৰ দক্ষিণ ধলাইৰ জামালপুৰ জিপি এলেকাৰ খুলিচড়া সংঘটিত হৈছে এই ঘটনা। সোমবাৰে খুলিচৰা এলেকাৰ স্হানীয় সচেতন নাগৰিক ময়ুবৰাজা লস্কৰ, চৰিফ উদ্দিন লস্কৰ, আলম লস্কৰ আৰু ৰাজু লস্কৰে এখন সংবাদমেল যোগেদি কয় যে ড্ৰাগছ ব্যৱস্থায়ী আজিজুৰ ৰহমান লস্কৰে দীৰ্ঘদিন ধৰি ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে। খুলিচৰাৰ এটা মছজিদৰ গাতে লাগি থকা এটা ঘৰত ড্ৰাগছৰ ব্যৱসায় চলাই আছে বুলি জানিবলৈ পোৱা যায়।।
কিছু দিন আগত তেওঁৰ পত্নী সুলতানা বেগমক কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।
ইয়াৰ পিছ দিনা শিলচৰ আৰক্ষীয়ে আজিজুৰ ৰহমানৰ গৃহৰ পৰা অবৈধ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। কিন্তু আজিজুৰ ৰহমান পলাই যায়। স্হানীয় সচেতন নাগৰিক অভিযোগ ড্ৰাগছ ব্যৱস্থায়ী আজিজুৰ ৰহমান গ্ৰেপ্তাৰ কৰি কঠোৰ তম শাস্তি প্ৰদান কৰিবলৈ অনুৰোধ কৰে।

Leave A Reply

Your email address will not be published.