গোঁসাই গাওঁৰ বিদ্যা বিকাশ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত কৰ্ম বিৰতি কাৰ্যসূচী পালন।
গোঁসাই গাওঁৰ বিদ্যা বিকাশ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত কৰ্ম বিৰতি কাৰ্যসূচী পালন।
সমগ্ৰ বি টি আৰৰ লগতে গোঁসাই গাওঁৰ মহকুমাৰ অন্তৰ্গত বিদ্যা বিকাশ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত বিদ্যালয় প্ৰাদেশিকৰনৰ দাবীত ১৬ আগষ্টৰ পৰা ২০ আগষ্ট লৈ চাৰি দিনীয়া কৰ্ম বিৰতি কাৰ্যসূচী পালন কৰে। বিদ্যা বিকাশ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ ইছমাইল হোছেইনে কয় যে দিৰ্ঘদীন ধৰি আমি সমাজৰ শিক্ষা ব্যৱস্থাৰ হকে কাম কৰি আহিছোঁ কিন্তু আমাক লৈ চৰকাৰে ভেক ভাওনা কৰি আছে, অসম তথা বি টি আৰ চৰকাৰে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই মতে চৰকাৰে কাম কৰা আমি পৰিলক্ষিত কৰা নাই। সদৌ শেষত অপ্ৰাদেশিত স্কুল সমুহৰ সুদৃষ্ঠী প্ৰদান কৰিবলৈ চৰকাৰক অনুৰোধ জনায়।
