বিশ্বনাথত আমছুৰ প্ৰতিবাদী কাৰ্যসূচী
বিশ্বনাথ জিলা আয়ুক্ত কাৰ্যলয়ৰ সন্মূখত বিশ্বনাথ জিলা আমছুৰ অবস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷।শতাধিক আমছু কৰ্মীয়ে এই অবস্থান ধৰ্মঘট কাৰ্যসূচীৰ জড়িয়তে বিভিন্ন দাবী জনোৱা লগতে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লগান প্ৰদৰ্শন কৰি আযুক্ত চৌহদৰ আকাশ বতাহ কঁপাই তুলে।প্ৰতিবাদকাৰী সকলৰ দাবী সমূহ হৈছে:
স্মাৰ্ট মিটাৰ বন্ধ কৰক।
বানপানীত ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণ দিয়ক।
বানপানী সমস্যা বৈজ্ঞানিক পদ্ধতিৰে স্থায়ী সমাধান কৰক।
ৰাজ্য চৰকাৰে উচ্ছেদ কৰাৰ প্ৰকৃত ভূমিহীন পৰিয়ালক চৰকাৰী ভাবে ভূমি প্ৰদান কৰি সংস্থাপন কৰক।
জাহাঙ্গীৰ আলমৰ হত্যাৰ ন্যায় লাগে।
জাহাঙ্গীৰ আলমৰ নিৰিহ পৰিয়ালক ১০ লাখ টকা এককালীন সাহাৰ্য্য প্ৰদান কৰক।
নগাঁও জিলাৰ ধিংবৰী চাপৰিৰ দুজন মাছমৰীয়া ভাতৃ আব্দুল জলিল আৰু ছমিৰ উদ্দিনৰ হত্যাকাণ্ডৰ লগত জড়িত বন বিষয়া আৰু বনকৰ্মীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা।
আব্দুল জলিল আৰু ছমিৰ উদ্দিনৰ নিৰিহ পৰিয়াল দুটাক ১০ লাখ টকাকৈ এককালীন সাহাৰ্য্য প্ৰদান কৰা ইত্যাদি দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহন কৰে।