বিদ্যালয় বিলুপ্তিকৰণক লৈ মৰিয়নিৰ চেলেংহাটত তীব্ৰ প্ৰতিবাদ:নিৰ্দেশনাক লৈ অজ্ঞতা প্ৰকাশ শিক্ষা বিভাগৰl

0

চলিত বৰ্ষৰ ১২ আগষ্টৰ এই নিৰ্দেশনাৰ জৰিয়তে অসমৰ বিভিন্ন জিলাৰ ১৬১ খন বিদ্যালয় একত্ৰিকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিভাগটোৱে। উক্ত নিৰ্দেশনা ভিত্তিত যোৰহাট জিলাৰ পূব যোৰহাট শিক্ষা খণ্ডৰ অন্তৰ্গত ১৯৭৮ চনত স্থাপিত পদুমণি চেতিয়া গাঁও প্রাথমিক বিদ্যালয়খনিও একে সমল কেন্দ্ৰৰ অন্তৰ্গত লাহিং কমাৰ গাঁও মজলীয়া বিদ্যালয়ত একত্ৰিকাৰণৰ সিদ্ধান্ত লোৱা হৈছে। উল্লেখযোগ্য যে শিক্ষা বিভাগৰ নিয়ম মতেই বিদ্যালয় একত্ৰিকৰণ কৰিবলৈ হলে এক কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কৰিব লাগে কিন্তু অতি পৰিতাপৰ বিষয় যে পদুমণি চেতিয়া প্ৰাথমিক বিদ্যালয়ৰ পৰা লাহিং কমাৰ গাঁও মজলীয়া বিদ্যালয়লৈ দূৰত্ব প্ৰায় দুই কিলোমিটাৰতকৈয়ো বেছি। বিগত তিনিটা বৰ্ষত গুণোৎসৱত A+ স্থান প্ৰাপ্ত বিদ্যালয় খন একত্ৰিকৰণ কৰিবলৈ লোৱা কাৰ্যৰ বিৰুদ্ধে স্থানীয় ৰাইজে বিদ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

Leave A Reply

Your email address will not be published.