পথৰ দুৰৱস্থাই জ্বলা কলা খুৱাইছে নাজিৰা সমষ্টিৰ অসম নগালেণ্ড সংযোগী চন্টক ৰমণী আলিৰ বাসিন্দাক
পথৰ দুৰৱস্থাই জ্বলা কলা খুৱাইছে নাজিৰা সমষ্টিৰ অসম নগালেণ্ড সংযোগী চন্টক ৰমণী আলিৰ বাসিন্দাক
পথৰ ওপৰত থকা পুখুৰী সদৃশ গাঁতেৰে বিপদ সংকুল যাত্ৰা
নাজিৰা সমষ্টিৰ অন্তৰ্গত এটা অতি ব্যস্ততাপূৰ্ণ পথ হ’ল অসম নগালেণ্ড সংযোগী ঐতিহাসিক ৰমণী আলি।
আজিৰ কথা নহয় বছৰ বছৰ ধৰি জৰাজীৰ্ণ পুখুৰী সদৃশ গাঁতেৰে অহা যোৱা কৰে ৰমণী আলিৰ বাসিন্দা।
কেইবা টনৰো অধিক শিল-কয়লা ভৰ্তি গধুৰ যান-বাহন অহা যোৱা কৰে এই পথেৰেই।
বি জে পি নেৰ্তৃত্বাধীন চৰকাৰৰ উন্নয়নৰ অন্য এখন ফোপোলা স্বৰূপ ছবি হ’ল নাজিৰা বিধান সভা সমষ্টিৰ ঐতিহাসিক ৰমণী আলি।কুম্ভকৰ্ণ নিদ্ৰাত ব’ৰ্ডাৰ ৰোডছ।
স্থানীয় ৰাইজে প্ৰতিবাদ কৰিও ভাগি পৰিছে,কিমান প্ৰতিবাদ কৰিব কোনে শুনিব ৰমণী আলিৰ বাসিন্দাৰ কথা। নিৰ্বাচনৰ সময়ত বিভিন্ন দলৰ নেতা পালিনেতাই উন্নয়নৰ বিভিন্ন পলোভনেৰে ভোট ভিক্ষা কৰি নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱাৰ পাছত পিঠি দিয়ে সেই সকল ভোটাৰলৈ ৷