নুনমাটি আৰক্ষীয়ে আটক কৰিছে বীৰ লাচিত সেনাৰ ১৭ সদস্যক।
নুনমাটি আৰক্ষীয়ে আটক কৰিছে বীৰ লাচিত সেনাৰ ১৭ সদস্যক।
অনা অসমীয়াই খিলঞ্জীয়া অসমীয়াক মাৰপিট কৰাৰ ঘটনাক কেন্দ্ৰ কৰি আটক কৰে বীৰ লাচিত সেনাৰ সদস্য কেইজনক ।
মঙ্গলবাৰে চিপাঝাৰ থানাৰ অন্তৰ্গত ৰামসিং চাপৰিত অনা অসমীয়াই ( বিহাৰী সম্প্ৰদায়)ৰ লোকে খিলঞ্জীয়া অসমীয়াক কৰিছিল মাৰধৰ।
এই ঘটনাক লৈ চিপাঝাৰ থানাত ৰুজু হৈছিল এক গোচৰ ।
বৃহস্পতিবাৰে বিয়লি ভাগত বীৰ লাচিত সেনাৰ এটা দল উপস্থিত হৈছিল ৰামসিং চাপৰিৰ অনা অসমীয়াৰ পৰিয়ালটোৰ বাসগৃহত ।
নিজৰ প্ৰাণ ৰক্ষা কৰাৰ ভয়ত বৃহস্পতিবাৰে অনা অসমীয়াই ( বিহাৰী সম্প্ৰদায়)ৰ পৰিয়ালটোৱে পলাই আহিছিল নুনমাটিৰ চূণচালিলৈ ।
পৰিয়ালটোৱে পলাই অহাৰ খবৰ পাইছিল বীৰ লাচিত সেনাৰ সদস্যই ।
নুনমাটিৰ চূণচালিত বীৰ লাচিত সেনাৰ ১৭ জনীয়া সদস্যই আৱদ্ধ কৰিছিল পৰিয়ালটোক আৰু চাৰিচকীয়া বাহনত উঠাই লৈ আহিছিল ।
স্হানীয় লোকে নিজৰ মোবাইলত আবদ্ধ কৰিছিল সমগ্ৰ ঘটনাৰ বহু কেইটা ভিডিও।
এই ঘটনাক কেন্দ্ৰ কৰি নুনমাটিৰ চূণচালিত সৃষ্টি হৈছিল উতপ্ত পৰিস্থিতৰ।
স্থানীয় লোকে অপহৰণ সন্দেহত খবৰ দিয়ে নুনমাটি আৰক্ষীক।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে অনা অসমীয়া পৰিয়ালটোক আৰু লগতে আটক কৰে বীৰ লাচিত সেনাৰ সদস্য কেইজনক ।
সম্প্ৰতি নুনমাটি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ শীৰ্ষ বিষয়া।