শিৱসাগৰত IED সংস্থাপন সন্দৰ্ভত ৩ জনক জেললৈ প্ৰেৰণ
শিৱসাগৰত IED সংস্থাপন সন্দৰ্ভত ৩ জনক জেললৈ প্ৰেৰণ l
আন এজনক চাৰি দিনৰ বাবে জিম্মাত লয় আৰক্ষীয়ে, নিৰ্দোষী লোকক আলফা সজোৱাৰ অভিযোগ পৰিয়ালৰ লগতে ৰাইজৰl
শিৱসাগৰত আলফা স্বাধীনে বোমা সংস্থাপন কৰাৰ ঘটনা সন্দৰ্ভত শেহতীয়াকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বিতুল বৰুৱাক নিৰ্দোষী বুলি দাবী কৰিছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজে | যাক লৈ দুয়োখন জিলাতে চেপা উত্তেজনা অব্যাহত আছে | উল্লেখ্য যে, শিৱসাগৰত IED সংস্থাপন সন্দৰ্ভত যোৱা ১৮ আগষ্টত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চাৰি গৰাকী ব্যক্তি ক্ৰমে সমীৰ আহমেদ, মিন্টু চেতিয়া ৰাজীৱ কলিতা আৰু বিতুল বৰুৱাক | ইয়াৰে সমীৰ আহমেদ, মিন্টু চেতিয়া আৰু ৰাজীৱ কলিতাক বিগত ১৯ আগষ্টত জেললৈ প্ৰেৰণ কৰা হয় | লগতে বিতুল বৰুৱাক আদালতত হাজিৰ কৰোৱাই অধিক জেৰাৰ বাবে চাৰি দিনৰ বাবে জিম্মাত লয় শিৱসাগৰ সদৰ আৰক্ষীয়ে | জানিব পৰা মতে বিতুল বৰুৱাক কোন ঠাইত ৰখা হৈছে আৰক্ষীয়ে এই বিষয়ে পৰিয়ালৰ লোকক অৱগত কৰা নাছিল | শেহতীয়া ভাৱে পত্নীয়ে স্বামীৰ সন্ধান বিচাৰি উলিয়াই | নিৰ্দোষী লোকক আলফা সজোৱাৰ অভিযোগ পৰিয়ালৰ লগতে ৰাইজৰ | শিৱসাগৰ সদৰ থানাত বিতুল বৰুৱাৰ মুক্তি বিচাৰি উপস্থিত হয় চৰাইদেউ জিলা মথুৰাপুৰ লেঙিবৰৰ বহুসংখ্যক লোক | লেঙিবৰৰ নিবাসী বিতুল বৰুৱা আলফা স্বাধীনৰ সৈতে জড়িত নহয় বুলি বিতুল বৰুৱাৰ পত্নী পূৰ্ণিমা বৰুৱাই দাবী কৰে | আনহাতে তেওঁৰ বহু আত্মীয়-স্বজন আৰু গাঁৱবাসী ৰাইজে শিৱসাগৰ সদৰ থানাৰ সন্মুখলৈ আহি বিতুল বৰুৱা বোমা স্থাপনৰ সৈতে জড়িত নহয় বুলি আৰক্ষীৰ ওপৰত ৰাইজ ক্ষুব্ধ হৈ পৰিছে |