অৰুণাচল আৰক্ষীৰ জিম্মাত পুনৰ মৃত্যু অসমৰ যুৱকৰ।
অৰুণাচল আৰক্ষীৰ জিম্মাত পুনৰ মৃত্যু অসমৰ যুৱকৰ।
অৰুণাচল চেপা আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে ৰহস্যজনকভাৱে মৃত্যু লখিমপুৰৰ এজন যুৱকৰ।
মৃত যুৱক জন লালুকৰ কৰুণাবাৰীৰ ছাদিকুল ইছলাম।
এক অভিযোগৰ ভিত্তিত যুৱকজনক আটক কৰি চেপা আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিছিল।
আৰক্ষী থানাতেই ৰহস্যজনকভাৱে মৃত্যুৰ খবৰ লাভ কৰে পৰিয়ালে।
এই খবৰ লাভৰ পিছতে দৰিদ্ৰ পৰিয়ালটোৰ মাজত হাহাকাৰ লাগিছে।
মৃত ছাদিকুল পৰিয়ালত আছে পত্নী আৰু এটি কণমানি সন্তান।
সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী আমছুৰ।
ছাদিকুলৰ পৰিয়ালক এককালীনভাৱে ১০ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ বাবে অৰুণাচল চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিলে আমছুৱে।