বিভিন্ন ৰোগীআৰু শিক্ষাৰ্থীক ১৬ লাখ টকা চেক বিতৰণ ডিগবৈ বিধায়ক সুৰেন ফুকনৰ
বিভিন্ন ৰোগীআৰু শিক্ষাৰ্থীক ১৬ লাখ টকা চেক বিতৰণ ডিগবৈ বিধায়ক সুৰেন ফুকনৰ
মুখ্যমন্ত্ৰী আছুতীয়া সাহায্য পুঁজিৰ প্ৰায় ১৬ লাখ টকা চেক বিতৰণ কৰে ডিগবৈ বিধায়ক সুৰেন ফুকনে। বিধায়ক সুৰেন ফুকনৰ বাসগৃহত এক বিশেষ অনুষ্ঠানৰ জড়িয়তে বিভিন্ন জটিল ৰোগত আক্ৰান্ত আৰু মেধাবী ছাত্ৰ ছাত্ৰীক এককালীন আৰ্থিক সাহায্যৰ চেক বিতৰণ প্ৰদান কৰে। ৭৬ গৰাকী ৰোগী আৰু ছাত্ৰ – ছাত্ৰীক চেক প্ৰদান কৰি বিভিন্ন জটিল ৰোগত আক্ৰান্ত হৈ থকা থকা ৰোগী সকলক চিকিৎসা ক্ষেত্ৰত সকাহ দিবলৈ চৰকাৰৰ তৰফৰ পৰা প্ৰচেষ্টা অব্যাহত আছে । যোৱা আঠ টা বছৰত চাৰি কোটি টকা চৰকাৰৰ পৰা লাভ কৰাত এই ধন ৰাশি প্ৰদান কৰিবলৈ সক্ষম হৈছে বুলি সদৰী কৰে বিধায়ক সুৰেন ফুকনে।