যোৱাকালি ধিঙত সংগঠিত হোৱা নাবালিকা ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ মৈৰাবাৰীত।
যোৱাকালি ধিঙত সংগঠিত হোৱা নাবালিকা ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ মৈৰাবাৰীত।
ধিঙত সংগঠিত হোৱা নাৰকিয় দলব্দ্ধ ধৰ্ষণ কাণ্ড সংগঠিত হোৱাৰ পিছতে ধিঙৰ লগতে মৈৰাবাৰী অঞ্চলৰ হাজাৰ হাজাৰ পুৰুষ মহিলাৰ লগতে যুৱক যুৱতী সকলে এক বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰে।
প্ৰতিবাদী সকলৰ এটাই দাবী- অতি হিগ্ৰেই দুষিক কৰায়ত্ত কৰি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ফাঁচী দিব লাগে। উল্লেখযোগ্য যে আজি ধিংৰ লগতে মৈৰাবাৰী বজাৰৰ দোকান সমূহ দোকান-বজাৰ বন্ধ ঘোষণা কৰিছে।
শুক্ৰবাৰ উপলক্ষে আজি জুম্মাৰ নামাজৰ পিছতে বিভিন্ন প্ৰতিবাদী প্লে কাৰ্ড হাতে হাতে লৈ মৈৰাবাৰী আৰক্ষী থানাৰ সন্মুখত বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কিশোৰী গৰাকীৰ ন্যায় বিচাৰি লাহৰিঘাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে মৈৰাবাৰী প্ৰেছ ক্লাবৰ লগতে বৃহত্তৰ মৈৰাবাৰীবাসী ৰাইজে।
ধৰ্ষণকাৰীৰ কোনো ধৰ্ম নাই..
ধৰ্ষণকাৰীক ফাঁচীৰ দাবীৰে আজিৰ প্ৰতিবাদী সকলে প্ৰশাসনক দাবী জনায়।