অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আজি বোকাজান জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্য্যালয়ত বোকাজান আঞ্চলিক জাতীয় মহিলা পৰিষদৰ এখন নতুন সমিতি গঠন কৰা হয়।

0

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আজি বোকাজান জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্য্যালয়ত বোকাজান আঞ্চলিক জাতীয় মহিলা পৰিষদৰ এখন নতুন সমিতি গঠন কৰা হয়। নতুন সমিতি গঠনৰ সন্দৰ্ভত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়,উক্ত সভাত সভাপতি আসন গ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য জিতু ফুকনে,অতিথি হিচাপে অৱসৰ প্ৰাপ্ত জেষ্ঠ্য সাংবাদিক থানেশ্বৰ নেওগ, সমাজসেৱক ৰবীন কুমাৰ হাতীবৰুৱা উপস্থিত থাকে। নতুনকৈ গঠন হোৱা বোকাজান আঞ্চলিক জাতীয় মহিলা পৰিষদৰ সমিতি খনত সভানেত্ৰী বন্তি তিমুংপি,সম্পাদিকা এঞ্জেলিনা ৰংপিপি,সাংগাঠনিক সম্পাদিকা মেনুকা ভুজেলকে ধৰি বিভিন্ন পদৰ দায়িত্বভাৰ অৰ্পণ কৰা হয়। বৰ্তমান সমিতি খন সম্পূৰ্ণ হোৱা নাই বাবে,পৰৱৰ্তী সময়ত ভিন্ন ঠাইৰ যুৱতী মহিলা সকলক লৈ সম্পূৰ্ণ সমিতি গঠন কৰা হব বুলি উল্লেখ কৰিছে।

Leave A Reply

Your email address will not be published.