দখলা শ্ৰীশ্ৰী লক্ষ্মী পূজা উদযাপন সমিতিৰ অস্থায়ী কাৰ্যালয় মুকলি।
দখলা শ্ৰীশ্ৰী লক্ষ্মী পূজা উদযাপন সমিতিৰ অস্থায়ী কাৰ্যালয় মুকলি।
দেউবাৰে কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত দখলা মঠাউৰীৰ চʼকত দখলা শ্ৰীশ্ৰী লক্ষ্মী পূজা উদযাপন সমিতিৰ অস্থায়ী কাৰ্যালয় মুকলি কৰা হয়।
এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানৰ আঁত ধৰে নৱ নিৰ্বাচিত সমিতিৰ সাধাৰণ সম্পাদক শচিন্দ্ৰ দাসে। প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি অনুপম বৰদলৈয়ে। ভাষণ প্ৰসংগত সভাপতি গৰাকীয়ে উক্ত পূজাত সমূহ ৰাইজক সহায় সহযোগিতা কৰাৰ আহ্বান জনাই।
ইয়াৰ পিছত ৰঙাফিটা কাটি তথা নাৰিকল ভাঙি কাৰ্যালয় মুকলি কৰা হয়। কাৰ্যালয় মুকলি কৰে কাৰ্যকৰী সভাপতি হিৰেণ দাসে। শেষত সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। দখলাৰ কেইবাগৰাকীও জেষ্ঠ্য ব্যক্তিক উক্ত অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখ্য যে ২০১৫ চনৰ পৰা দখলাৰ চʼকত অনুষ্ঠিত কৰি অহা এই ভাগ পূজা, এইবেলী অহা ১৬ আৰু ১৭ অক্টোবৰত অনুষ্ঠিত কৰা হব।
অস্থায়ী কাৰ্যালয় মুকলি অনুষ্ঠানটোত দখলা শ্ৰীশ্ৰী লক্ষ্মী পূজাৰ প্ৰতিষ্ঠাপক সভাপতি তথা ৰুবি পাপেট থিয়েটাৰৰ জড়িয়তে দক্ষিণ কামৰূপৰ একমাত্ৰ পুতলা নাচৰ সংস্কৃতি ধৰি ৰখা ব্যক্তি অৱণি শৰ্মা, দখলা গাঁৱৰ গাঁও প্ৰধান সন্তোষ ঠাকুৰীয়াৰ লগতে অঞ্চলবাসী ৰাইজ উপস্থিত থাকে।