প্যাৰ ইসক আউৰ মহাব্বত। প্ৰেমৰ বাবেই মাৰপিট। প্ৰেমিক গ’ল হস্পিতালত, প্ৰেমিকাৰ ঘৰ ভাঙি লণ্ড ভণ্ড।
প্যাৰ ইসক আউৰ মহাব্বত। প্ৰেমৰ বাবেই মাৰপিট। প্ৰেমিক গ’ল হস্পিতালত, প্ৰেমিকাৰ ঘৰ ভাঙি লণ্ড ভণ্ড। প্ৰেমিকাৰ ঘৰৰ পৰা টকা—পইচা লুটি নিয়াৰ অভিযোগ প্ৰেমিকৰ পৰিয়ালৰ বিৰুদ্ধে। এই ঘটনা সংঘটিত হৈছে ধুবুৰীৰ গোলকগঞ্জ ভাৰত বাংলাদেশ সীমান্তৰ কুটি লক্ষীমাৰীত।
প্ৰাপ্ত তথ্য মতে কুটি লক্ষীমাৰীৰ ইউছুফ আলীৰ নাবালিকা কন্যাৰ লগত একে গাঁৱৰে স্বৰ্গীয় আৱাল আলীৰ পুত্ৰ নুৰ জামালৰ লগত গঢ়ি উঠিছিল গধুৰ প্ৰেমৰ সু —সম্পৰ্ক। দুদিন পূৰ্বে ইয়াকলৈয়ে কন্দল সৃষ্টি হোৱাত শালিস বিচাৰৰ মাধ্যমত সমস্যাৰ সমাধান কৰে।
কিন্তু প্ৰেমিক নুৰ জামলে নাবালিকা গৰাকীক বিয়া পতা বুলি প্ৰচাৰ কৰে বুলি জানিব পৰা গৈছে। কালি সন্ধিয়াৰ ভাগত নুৰ জামলে ইউচুফ আলীৰ ঘৰৰ সন্মুখেৰে যাওঁতে দুয়োৰে মাজত বাক বিতণ্ডা আৰম্ভ হয়। এক সময়ত হতাহতিৰ সৃষ্টি হয়। ফলত আহত হয় প্ৰেমিক নুৰ জামাল। এই খবৰ নুৰ জামালৰ পৰিয়ালৰ লোকে পাই ইউছুফ আলীৰ ঘৰত দলবদ্ধ আক্ৰমণ কৰে। ইউছুফ আলীৰ ঘৰ দুৱাৰ ভাঙি লণ্ড —ভণ্ড কৰে।
টকা পইচা, মাটিৰ নথিপত্ৰ লুটপাটৰ অভিযোগ উত্থাপিত কৰিছে ইউছুফ আলীয়ে। গোলকগঞ্জ আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ উভতি আহে। আৰক্ষী উভতি অহাৰ পিছতেই আকৌ নুৰ জামালৰ পৰিয়ালৰ লোকে ইউচুফ আলীৰ ঘৰত দলবদ্ধ বাবে আক্ৰমণ কৰে। দ্বিতীয়বাৰ হোৱা আক্ৰমণত ইউছুফ আলীৰ ঘৰৰ ভিতৰত থকা সকলো লণ্ড ভণ্ড কৰি লুটপাট চলাই বুলি জানিব পৰা গৈছে। আক্ৰমণ ইমানেই ভয়ংকৰ আছিল যে ইউছুফ আলীৰ বাসগৃহৰ খিৰিকী দৰজা সকলো ভাঙি পেলাই। ছাইকেল ইনভাৰ্টাৰ সকলো নৈত পেলাই পলায়ন কৰে ৷ উল্লেখ্য যে এই ঘটনাত প্ৰেমিক নুৰ জামাল আৰু ইউছুফ আলীৰ পত্নী মৰ্জিনা বিবি গুৰুতৰ আহত হয়। দুয়োকে প্ৰথমাঅৱস্থাত গোলকগঞ্জ হস্পিতালত নিয়ে যদিও অৱস্থা সংকটজনক হোৱাত দুয়োকে ধুবুৰী মেডিকেল কলেজ হস্পিতাল লৈ প্ৰেৰণ কৰে।