দক্ষিণ কামৰূপৰ নহিৰা আৰু ৰাজাপুখুৰীত শ্ৰীকৃষ্ণৰ নন্দোৎসৱ উদযাপন।
দক্ষিণ কামৰূপৰ নহিৰা আৰু ৰাজাপুখুৰীত শ্ৰীকৃষ্ণৰ নন্দোৎসৱ উদযাপন। ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ পিছতে হিন্দু ধৰ্মাৱলম্বী লোক সকলে পালন কৰে নন্দোংসৱ । কৃষ্ণৰ জন্মৰ আনন্দতে সকলোৱে বোকাত নৃত্য কৰি ফুৰ্টি কৰাৰ পৰম্পৰা আজিও চলি আহিছে দক্ষিণ কামৰূপৰ বিভিন্ন প্ৰান্তৰ লগতে ঐতিহ্যমণ্ডিত নহিৰা আৰু ৰাজাপুখুৰী গাঁৱত।এই উৎসৱৰ লগত সংগতি ৰাখি নহিৰাৰ শ্ৰী শ্ৰী গোপীনাথ মন্দিৰ প্ৰাংগণৰ পৰা মঙ্গলবাৰে ৰাতিপুৱা এক সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই শ্ৰী কৃষ্ণৰ মৃন্ময় মূৰ্তি অনায়ন ,আবেলী নহিৰাৰ স্থানীয় শিল্পীৰ দ্বাৰা শ্ৰী কৃষ্ণৰ গকুল গমন নাটীকা প্ৰদৰ্শন কাৰ্যসূচী ৰূপায়ন কৰা হয়। উক্ত অনুষ্ঠানত শশ লোকৰ সমাগম ঘটে ।
এই অনুষ্ঠানত অসম ফুটবল সন্থাৰ জুটীয়া সম্পাদক হিমাংশু শেখৰ বৈশ্য উপস্থিত থাকে। সমান্তৰালকৈ ৰাজাপুখুৰীটো পালন কৰা হয় নন্দোৎসৱ। অগনন লোকেৰে ভৰি পৰে উক্ত স্থান। বোকাত নৃত্য কৰি ষ্ফুৰ্টি কৰি আনন্দত আত্মহাৰা হৈ পৰে লোকসকল।