ৰাজ্যত চলি থকা নাৰী নিৰ্যাতনৰ বিৰূদ্ধে বোকাজানত টাই আহোম মহিলা পৰিষদৰ প্ৰতিবাদ।

0

ৰাজ্যত চলি থকা নাৰী নিৰ্যাতনৰ বিৰূদ্ধে বোকাজানত টাই আহোম মহিলা পৰিষদৰ প্ৰতিবাদ। ৰাজ্যৰ বিভিন্ন স্থানত নাৰী নিৰ্যাতনৰ লগতে শেহতীয়া কৈ ধিঙত সংঘটিত হোৱা বৰবৰ ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ হোৱা পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বোকাজানতো তাই আহোম মহিলা পৰিষদ আৰু স্থানীয় মহিলা সকলৰ উপস্থিতিত চুকাফা সমন্বয় ক্ষেত্ৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ যোগেদি চৰকাৰক দৃষ্টি গোচৰ কৰুৱাবৰ বাবে এই প্ৰতিবাদ ধৰ্ষণকাৰীক ফাঁচী দিওক, নাৰীক সুৰক্ষা দিয়ক আদি বিভিন্ন প্ৰতিবাদী শ্লোগানৰে পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে। অপৰাধীৰ বিৰুদ্ধে চৰকাৰক কঠোৰ শাস্তি প্ৰদানৰ বাবে দাবী জনায় মহিলা সকলে।

Leave A Reply

Your email address will not be published.