মৰিয়নীত ভয়ঙ্কৰ ৰেল দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা।
মৰিয়নীত ভয়ঙ্কৰ ৰেল দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা । উজনিমুৱা মালগাড়ী ইঞ্জিনট লাগিল ৰেল বিভাগে নতুনকৈ সংযোজন কৰা বৈদ্যুতিক তাৰ। মৰিয়নী জংচনৰ পৰা আমগুৰি অভিমূখে ৰাওনা হোৱা এখন মালগাড়ী মৰিয়নী বৰ নামঘৰৰ সন্মুখ পোৱা সময়ত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ পুৱতি নিশা সংঘটিত হয় এই দুৰ্ঘটনা । প্ৰায় ২ পৰা ২:৩০ ঘন্টাৰ বাবে আৱদ্ধ হয় ৰেল গাড়ীখন। ৰেল বিভাগৰ লোক আৰু আৰ পি এফ ৰ দল আহি পথটো মেৰামতি কৰা পাছত হে ৰেল গাড়ী খনে পুনৰ যাত্ৰা আৰম্ভ কৰে । বৰ্তমানলৈ ৰেল বিভাগৰ পৰা কোনো মতামত দিয়া হোৱা নাই এইয়া দুৰ্ঘটনা নে চুৰি চক্ৰৰ বাবে এই ঘটনা সংঘটিত হয়। ইয়াৰ আগতে এনেদৰে বৈদ্যুতিক তাৰ চুৰিৰ বাবে চেলেংহাট ষ্টেচনৰ সমিপত ৰাজধানী ৰখি যাব লগা হৈছিল।