কাছাৰৰ লক্ষীপুৰত পুৰণি আৰু ন বিজেপি সংঘাতে ভয়ংকৰ ৰূপ লৈছে

0

কাছাৰৰ লক্ষীপুৰত পুৰণি আৰু ন বিজেপি সংঘাতে ভয়ংকৰ ৰূপ লৈছে l ফুটবল খেলক কেন্দ্র কৰি মাৰপিটত ৰক্তাক্ত হৈছে কেইবা গৰাকী l ইয়াৰ মাজত চাৰি গৰাকীক ভর্তি কৰুবা হৈছে সিলচৰ মেডিকেল কলেজ হাসপাতালত l তেওঁলোক হৈছে বলৰাম বাউৰি, বাপ্পন বাউৰি, টিঙ্কু বাউৰি আৰু সজল বাউৰি বুলি জানিবপৰা গৈছে l
উল্লেখযোগ্য যে, কৌশিক ৰায় লক্ষীপুৰৰ বিধায়ক হোৱাৰ পিছৰ পৰা প্রতি বছৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ গাঁও পঞ্চায়েতে পঞ্চায়েতে নিজাকৈ MLA ফুটবল কাপ-ৰ আয়োজন কৰি আহিছে l এইবাৰ খেলৰ উদ্বোধন কৰিছিল মন্ত্রী ৰঞ্জিত দাসে l আৰু বুধবাৰ বিয়লি আছিল ছোটমামদা গাঁও পঞ্চায়েতৰ ফাইনাল খেল l
জানিবপৰা মতে, খেলৰ শেষৰ ভাগত এটা ফুটবল ‘কিক’লৈ দুই দলৰ দুই খেলইৰ মাজত সৃষ্টি হৈছিল বিতৰ্কৰ l আৰু ইয়াকে কেন্দ্র কৰি খেল পথাৰত সৃষ্টি হয় ৰণক্ষেত্রৰ l এটা সময়ত দুই দলৰ পক্ষলৈ সমর্থক সকলও জপিয়াই পৰিছিল মাৰপিটত l পিছে লক্ষীপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি শান্ত কৰিছিল যদিও ইয়াৰ আগতে মাৰপিটত আহত হৈছিল খেলইৰ লগতে কেইবা গৰাকী l
আন এটা সূত্র মতে, খেল বিতর্কক কেন্দ্র কৰি এনে ঘটনা সংঘটিত হোৱা নাই l ইয়াৰ আড়ত আছিল পুৰণি আৰু ন বিজেপিৰ সংঘাত l আৰু খেল বিতৰ্কৰ সুযোগলৈ সংঘাতটােৰ বিস্ফোৰণ ঘটাইছিল একাংশই l
উল্লেখযোগ্য যে, কংগ্ৰেছৰ দুর্গ আছিল লক্ষীপুৰ l আৰু কংগ্ৰেছী সকলক বিজেপিতলৈ ২০২১ বিধানসভা নির্বাচনত জয়ী হৈছিল কৌশিক ৰায় l ইয়াৰ পিছৰ পৰাই পুৰণি সকলক এলাগী কৰি ন বিজেপি সকলক গুৰুত্ব দিয়াৰ অভিযোগ উঠি আহিছে লক্ষীপুৰত l

Leave A Reply

Your email address will not be published.