কাছাৰৰ ধলাইত জামালপুৰত নিশা সংঘটিত হল এক ভয়ংকৰ ঘটনা
কাছাৰৰ ধলাইত জামালপুৰত নিশা সংঘটিত হল এক ভয়ংকৰ ঘটনা । পত্নী পৰকীয়া প্ৰেমত জড়িত থকাৰ সন্দেহত দাৰে আক্ৰমণ চলাই পত্নীৰ দুই হাত কাটি পেলালে স্বামীয়ে । ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ জামালপুৰ অঞ্চলত । জানিব পৰা মতে, ৰফিক উদ্দিন আৰু ৰুবি বেগম নামৰ দুই স্বামী স্ত্ৰীৰ মাজত দীৰ্ঘদিনৰ পৰা কাজিয়া চলি আহিছে । স্বামী ৰফিক উদ্দিনৰ সন্দেহ যে পত্নী ৰুবি বেগম পৰকীয়া প্ৰেমত জড়িত । আৰু ইয়াকে লৈ দুই স্বামী স্ত্ৰীৰ মাজল দীৰ্ঘদিনৰ পৰা বিবাদ চলি আহিছে । যোৱা নিশা এই বিষয় লৈ দুয়োৰে মাজত পুনৰ কাজিয়া সৃষ্টি হয় । আৰু কাজিয়া সময়ত হঠাৎ দাৰে পত্নী ৰুবি বেগমক উপৰযোপুৰি আক্ৰমণ আৰম্ভ কৰে স্বামী ৰফিক উদ্দিনে ৷ স্বামীৰ দাৰ আক্ৰমণ ৰুবি বেগম দুই হাত দ্বিখণ্ডিত হৈ যায় । ইপিনে ঘটনা সংঘটিত কৰি পত্নীক ঘৰৰ মাজত ৰক্তাক্ত অবস্থাত পেলাই পলায়ন কৰে স্বামী ৰফিক উদ্দিনে । পিছে ঘটনাৰ খৱৰ পাই প্ৰতিবেশী লোক সকলে ৰুবি বেগম নামৰ মহিলা গৰাকীক ৰক্তাক্ত অবস্থাত উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজত লৈ যায় । মহিলা গৰাকীৰ অবস্থাত সংকটজনক হোবাত শিলচৰ মেডিকেল কলেজৰ পৰা মহিলা গৰাকীক নিশাই প্ৰেৰণ কৰা হয় গুয়াহাটি মেডিকেল কলেজত ।