খাৰুপেটীয়াত সংঘটিত হৈছে লাভ জেহাদৰ ঘটনা

0

মুছলিম কিশোৰীক অপহৰণ কৰিলে ৰাহুল বৰুৱাই ৰাহুল বৰুৱাই নিজকে ৰাহুল আমিন পৰিচয় দি গঢ়িছিল প্ৰেমৰ সম্পৰ্ক খাৰুপেটীয়া আৰক্ষীয়ে আটক কৰিছে লম্পট যুৱক জনক

এইবাৰ খাৰুপেটীয়াত সংঘটিত হৈছে লাভ জেহাদৰ ঘটনা । এগৰাকী হিন্দু যুৱকে পলুৱাই নিলে মুছলমান কিশোৰীক ।ৰাহুল বৰুৱা নামৰ যুৱক এজনে নিজৰ পৰিচয় লুকুৱাই মুছলমান কিশোৰীৰ সৈতে গঢ়িছিল সম্পৰ্ক । খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত পূব বাহাবাৰী গাঁৱৰ এগৰাকী কিশোৰীক পলুৱাই নিলে হিন্দু যুৱকে । বুধবাৰে আবেলি ৪ বজাত টিউচনলৈ আহিছিল কিশোৰী গৰাকী। টিউচনৰ পৰা ঘৰলৈ যোৱাৰ সময়তে কিশোৰী গৰাকীক অপহৰণ কৰি নিয়ে গহপুৰৰ ৰাহুল বৰুৱাই। ঘটনা সন্ধৰ্ভত আৰক্ষীক অৱগত কৰাৰ লগে লগেই তৎপৰহৈ পৰে খাৰুপেটীয়া আৰক্ষীয়ে। যোৱা কালি দল সংগঠনৰ সহযোগত খাৰুপেটীয়া আৰক্ষীয়ে চলোৱা অভিযানত আটক কৰিবলৈ সক্ষম হৈছে লম্পট ৰাহুলক। লম্পট যুৱকজনৰ বিৰূদ্ধে খাৰুপেটীয়া আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ। দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে বিভিন্ন দল সংগঠনে ।

Leave A Reply

Your email address will not be published.