হলৌ বান্দৰৰ প্ৰতি ভাবুকি মৰিয়নি গিয়ন অভয়াৰণ্যত
গিৱন অভয়াৰন্যত চলিব তেল আৰু গেছৰ অম্বেষণ।ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। AV হলৌ বান্দৰৰ বাবে বিখ্যাত যোৰহাট জিলাৰ মৰিয়নি হোলোঙাপাৰ গিৱন অভয়াৰন্যলৈ আহিছে আন এক ভাবুকি। খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ সন্ধানত খনন চলিব হলৌ বান্দৰ (Hoolock Gibbon) ৰ সুৰক্ষিত আবাসস্থল মৰিয়নিৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যত ! অভয়াৰণ্যখনত তৈল কোম্পানী বেদান্তৰ সহযোগী প্ৰতিষ্ঠান কেয়াৰ্ন অইল এণ্ড গেছক খননৰ বাবে সেউজ সংকেট প্ৰদান কৰিছে কেন্দ্ৰ আৰু অসম চৰকাৰে।যাক লৈ এতিয়া ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়টো প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।এই খননৰ ফলত গিৱনৰ জীৱ জন্তুৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ’ব।উল্লেখ্য যোগ্য যে, হোলোঙাপাৰ গিৱন অভয়াৰণ্যত ভাৰতৰ একমাত্ৰ হলৌ বান্দৰ আৰু উত্তৰ পূব ভাৰতৰ একমাত্ৰ নিশাচৰ লাজুকী বান্দৰকে ধৰি বহুকেইটা দুস্প্ৰাপ্য প্ৰজাতিৰ বান্দৰৰ আশ্ৰয়স্থল।অভয়াৰণ্যখনত তেল আৰু গেছ প্ৰতিষ্ঠানটোৱে অভয়াৰণ্য খনৰ চাৰি দশমিক ঊনপঞ্চাশ( ৪.৪৯) হেক্টৰ ভূমিত তেল আৰু গেছৰ অম্বেষন চলোৱাৰ যোজা কৰিছে।অসম চৰকাৰৰ অনুমতি পাছত সম্প্ৰতি কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ Forest Advisory Committee ৰ অনুমোদন লাভ কৰিলেই অভয়াৰণ্যখনত খনন আৰম্ভ হ’ব।Forest Advisory Committee য়ে এই সন্দৰ্ভত ইতিমধ্যে অসম চৰকাৰৰ প্ৰধান মুখ্য বন সংৰক্ষক(বন্যপ্ৰাণী)ৰ পৰা মতামত গ্ৰহণ কৰিছে।আনহাতে গিৱন অভয়াৰন্যত তেল আৰু গেছৰ সন্ধানত চলিব লগীয়া খনন কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংগ্ৰামী যুৱ পৰিষদ আৰু আটছাই।সংগঠন দুটাই কোনো কাৰনতে গিৱন অভয়াৰণ্যৰ প্ৰতি ভাবুকি সৃষ্টি হোৱা কাৰ্য কৰিবলৈ দিয়া নহ’ব বুলি সকীয়াই দিয়ে চৰকাৰক।