বোকাজানৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু জিনবাবা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ২৭আগষ্ট তাৰিখৰ পৰা আৰম্ভ কৰা ৫দিনীয়া শিক্ষক প্ৰশিক্ষণ কৰ্মশালাৰ আজি সফল সামৰণি পৰে।

0

নিপুন ভাৰত মিছনে ২০২৬-২০২৭ চনৰ ভিতৰত তৃতীয় শ্ৰেণীৰ অন্তত প্ৰত্যেক শিক্ষাৰ্থীয়ে যাতে বুনিয়াদী সাক্ষৰতা আৰু সাংখিকতাৰ দক্ষতা আহৰণ কৰিব পাৰে সেই লক্ষ্যত উপনীত হোৱাৰ পৰিকল্পনা কৰিছে।তাৰ ফলস্বৰূপে ৰাজ্যৰ ভিন্ন প্ৰান্তত শিক্ষাগুৰু সকলক বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে।

বোকাজানৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু জিনবাবা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ২৭আগষ্ট তাৰিখৰ পৰা আৰম্ভ কৰা ৫দিনীয়া শিক্ষক প্ৰশিক্ষণ কৰ্মশালাৰ আজি সফল সামৰণি পৰে।

২০৯খন বিদ্যালয়ৰ ৪৭৮জন শিক্ষক শিক্ষয়ত্রীয়ে উক্ত প্ৰশিক্ষণ কেন্দ্ৰ দুটাত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ কথা জানিব পৰা গৈছে।

১৫জনকৈ প্ৰশিখকৰ দ্বাৰা এই ৫টা দিনত ছাত্র ছাত্ৰী সকলৰ সম্যক জ্ঞান, বৌদ্ধিক বিকাশ উন্নীত কৰণৰ বাবে যিসমূহ শিক্ষাৰ প্ৰয়োজন সেইসমূহ খুব সুন্দৰকৈ প্ৰশিক্ষণ দিছিল।

Leave A Reply

Your email address will not be published.